পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কৰ্ত্তব্য়; ইয়াৰে পিতৃলোক অক্ষয় তৃপ্তি পায়। শ্ৰাদ্ধ কাৰ্য্য় যুগ্ম তিথিত কৰা মহাফলন শ্ৰাদ্ধৰ সমুদায়ী কাম কুশ হয়ে পিতৃ তীৰ্থেৰে সমাপন কৰিব লাগে। ৰাতি ইভয় সন্ধ্যা সময়, আৰু সূৰ্যোদয় কালেৰ শ্ৰাদ্ধ কাৰ্য্য কৰাৰ নিয়ম নাই। বহু বছৰ হেমন্ত, বৰ্ষা আৰু গ্ৰীষ্মকালে শ্ৰাদ্ধ কৰিলে অনান্য ঋতুকৈ বেছি ফল হয়। পঞ্চদশ অধ্যায়। নীতি কথা, পাপ পূণ্যৰ বিচাৰ আৰু দান গ্ৰহণ বিধি। উদয় আৰু অন্ত এই উভয় সময়ে সূৰ্য্য দৰ্শন কৰিবলৈ নেপায়। সেই ৰূপে গ্ৰহণৰ সময় পানীত প্ৰতিবিম্ব আৰু আকাশৰ ঠিক মাজ ঠাইৰ সূৰ্য্যকো দেখিব নেপায়। দামুৰি বান্ধি ৰখা জৰী চেৰাব নে লাগে। বৰষুণৰ সময় লৰি যাৰ আৰু পানীত নিজৰ মূৰ্ত্তি দেখিব নেপায়। মাটিৰ টিলা (ভেঁটি। গৰু, দেবমূৰ্ত্তি, ব্ৰাহ্মণ, ঘিউ, মৌ, চাৰি আলিৰ মুৰ আৰু অতিশয় ডাঙ্গৰ গছ, এই বিলাকক দক্ষিণ পিণে ৰাখি যাত্ৰা কৰিব লাগে। ভাৰ্য্যাৰ লগত একেলগে বহি ভোজন কৰিব নেলাগে মাকে ভোজন কৰাত হাঁহিৰ খুৰাতে হামিয়াত নিজ- ইচ্ছায় অসাৱধান হৈ খহি থকাত, চকুত, কজল দিৱ ধৰাত, খালীগায়ে তেল দিব ধৰাত আৰু সন্তান প্ৰসব কৰাৰ সময় ভাৰ্য্য়াক দেখিব, নেপায়।