কেতিয়াও ওচৰলৈ আহিবলৈ নিদিব। আকৌ কনা খোৰা হীনাঙ্গ
আধিকাঙ্গ লোক যদি শ্ৰাদ্ধ কৰ্ত্তাৰ আত্মীয়ও হয় তথাপি ইহঁতক
শ্ৰাদ্ধৰ ঠাইৰ পৰা নিলগাব লাগে। শ্ৰাদ্ধ কালে ব্ৰাক্ষ্মণ ভোজনৰ
উচ্ছিষ্ট অন্ন আৰু বস্তু বোৰ ভাল ঠাইত পেলাই লাগে।
শ্ৰাদ্ধ কৰি সেই দিৱাৰাত্ৰি স্ত্ৰী সম্ভোগ কৰিব নেপায়। কৰিলেও
নিজৰ মহাপাপ হয় আৰু পিতৃলোক এক মাহ বিষ্ঠাত শুই থাকে।
যেনে;-শ্ৰাদ্ধভুগ্, বৃষলীতল্লং তদৰ্বোহধি গচ্ছতি।
তস্যাঃ পুৰিষে তম্মাসং পিতৰতস্য শেৰতে॥ ২৫০||
ইতি মনুঃ ৩ঃ অঃ)
নিমন্ত্ৰিত ব্ৰাহ্মণ সকলক যথা যোগ্য মতে শুশ্ৰুষা কৰি দি, নিজে
শুচি হৈ একান্ত মনে মৌমাবলম্বী হৈ, দক্ষিণ পিনে চাই চাই তলত
লিখা বোৰ প্ৰাৰ্থনা কৰিব। যেনে; হে পিতৃ সকল! আমা লোকৰ
কুলত যেন দানী লোকৰ সংখ্যা বেচি হয়; অধ্যায়ন অধ্যাপনাদিৰ
দ্বাৰা যেন বেদ শাস্ত্ৰৰ সদাই আলোচনা হৈ থাকে। আৰু যেন
বংশ বৃদ্ধি হয় ইত্যাদি। এই ৰূপ প্ৰাৰ্থনা শেষ হৈ গলে, পিণ্ড বিলাক
গৰু ছাগলীৰে খুৱাব কিম্বা অগ্নিত পুৰিব, নাইবা পানীত পেলাই
দিব। পিছে হাতধুই আচমন কৰি জাতি সকলক ভোজন কৰাৰ
জাতি সকলৰ হৈ গলে, মাতৃ পক্ষৰ ব্ৰাক্ষ্মণ আৰু অন্য়ান্য় লোকক
খুৱাব | এই ভোজন কাজ শেষ হৈ গলে দেশাচাৰ মতে অন্য়ান্য়
নাম-কীৰ্ত্তনাদি আৰু দৈনিক কাম কৰি থাকিব |
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫১
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
