পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৫)

যেনো;-(মনুঃ তৃঃ অধ্যায়ৰ ১৫০ পৰা ১৬৬ শ্লোক পৰ্যন্ত ছোৰা)।

চতুৰ্দ্দশ অধ্যায়।

শ্ৰাদ্ধৰ নিয়ম আৰু ঠাই নিৰূপণ

আৰু পিতৃলোকৰ নাম।

 শ্ৰাদ্ধ কৰ্ম্ম উপস্থিত হলে তাৰ আগৰ দিনে নাইবা শ্ৰাদ্ধ দিনে, কম পক্ষে অন্ততঃ তিনি জন যোগ্য ব্ৰাহ্মণক যথোচিত সম্মানেৰে নিমন্ত্ৰণ কৰিব লাগে। ব্ৰাহ্মণ শ্ৰাদ্ধত নিমন্ত্ৰিত হলে, সেই দিনৰ পৰা শ্ৰাদ্ধ হোৱা ৰাতি স্ত্ৰী গমনাদি পৰিত্যাগ কৰি পবিত্ৰ ভাবে থাকিব আৰু সন্ধ্যাদিত বাহিৰে বেদাদি শাস্ত্ৰ পাঠ কৰিব নেলাগে। নিমন্ত্ৰণ কৰা ব্ৰাহ্মণৰ শৰীৰ ত পিতৃ সকল অদৃশ্য ৰূপে অনুপ্ৰবেশ কৰে। আৰু তেওঁ লোক বহিলেও পিতৃলোকো বহে। দেৱ পিতৃ কামত উচিত নিয়মে নিমন্ত্ৰিত হৈও ব্ৰাহ্মণ যদি ব্ৰহ্মচৰ্য্য় আৰু শ্ৰাদ্ধ ভোজনাদি নিয়ম পালন নকৰে, তেন্তে সেই পাপে তাৰ শুকৰ যোনী প্ৰাপ্তি হয়। যি ব্ৰাহ্মণ শ্ৰাদ্ধলৈ নিমন্ত্ৰিত হৈ স্ত্ৰী সম্ভোগাদি কৰে, শ্ৰাদ্ধ কৰ্ত্তাৰ যি পাপ থাকে, সমস্ত তাৰ গাত সোমায় গৈ।

 পিতৃ সকল অতিশয় শান্ত আৰু শুচি আৰু সদাই ব্ৰহ্মচাৰী ভাবে থাকে। তেঁও লোক উদাৰ গুণ বিশিষ্ট মহাত্মা আৰু তেঁও লোক দেৱতা সকলৰো উপৰি, সেই দেখি তেঁও লোকক উপাসনা কৰিব খুজিলে তেঁও লোকৰ নিচিনা হোৱা শ্ৰাদ্ধ কৰ্ত্তা আৰু কৰোতা দুইৰো আবশ্যক।

 ব্ৰাহ্মণ সোমপ, ক্ষত্ৰিয়ৰ হবিভুজ, বৈশ্যৰ আজাপ, আৰু শূদ্ৰৰ পিতৃ সকলৰ নাম সূকালিন্। ইয়াৰ ভিতৰত ভৃগু পুত্ৰ বোৰ সোমপ অঙ্গি-