সমললৈ যাওক

পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩৪)

( গুরুর অবাধ্য, যক্ষ্মারোগী, প্ৰবৰ্ত্তন কারণে গরু আরু ছাগলী রখিয়া হয়। পঞ্চযজ্ঞ নকরে, ব্ৰাহ্মণক হিংসা করে, ভাৱনা নৰ্ত্তন (গান) বৃত্তিৰে প্ৰতিপালিত হয়; আগে ব্ৰহ্মচারী বা সন্ন্যাস ধৰ্ম্মধরি, পিছত স্ত্ৰী-সম্পৰ্ক দ্বারাই ব্ৰহ্মচৰ্য্য় নষ্ট করে, যি সবৰ্ণা বিয়া করা নাই, যার স্ত্ৰীৰ উপপতি আছে, যি টকালৈ বেদ শিকায় সেই অধ্যাপক, নিজর শিষ্য, যি শূদ্ৰক পঢ়ায়, যি যোনে নিয়মরমীয়াল আরু কঠুবা কথা কয়; যি জন যাজক, অকারণে মাক বাপেক আরু গুরুক- পরিত্যাগ কৰিছে, যি ব্ৰাহ্মণে পতিত লোক সহিতে পঢ়ে, আরু কন্যা দানাদি সম্বন্ধি লোকে সহিতে মিলিছে; যি জনে ঘর পুরিছে যি জনে মানুহ মারিবলৈ বিষ দিয়ে আরু সমুদ্ৰ যাত্ৰা করে, যি জনে বাপেকর লগত বিবাদ করে, আনৰ দ্বাৰাই ধন দি জুৱা খেলায়, মদ খায়, অপবাদ যুক্ত লুকাই অধৰ্ম্ম করে, ধনু শৰাদি সাজে, ডাঙ্গর ভনীক বিয়া নিদিয়াকৈ সরু ভনীক দিয়ে আরু তেনেকুৱা বিয়ারপতি, মিত্ৰদ্ৰোহী, যাৰ অঙ্গহানী আরু অঙ্গবিকৃতি, যার গলত মালাৰ নিচিনা রেখা থাকে, যার ৱগা কুষ্ঠ আছে, যি জন দুষ্ট, কামুক আরু বেদশাস্ত্ৰ নিন্দা করে, যি জনে গৰরু, ঘোরা, হাতী, উট প্ৰভৃতি শিকায়, যি জনে নক্ষত্ৰাদি গণণা করি জীবিকা করে, যুদ্ধ শিখায় আরু করে যি সেতু আরু বান্ধ, বান্ধি পানীর সোত আন পিনে নিয়ে বা বন্ধ করে, যি জনে ঠিকা কাম আরু দূতর কাম করে, বেশ্যা স্ত্ৰী গমন করে, শূদ্ৰ সেৱায় দ্বারা জীবিকা নিৰ্ব্বাহ করে, অনেক জাতির যাজক, আচার হীন, ধৰ্ম্ম কামত উৎসাহ নকরে, ব্যাধি হৈ যার ভরি ডাঙ্গর হৈছে, নিজে কৃষি করি জীবিকা নিৰ্ব্বাহ করে, যি জনে শ্মাশনর কাম করে আরু যি বিধবা বা সধবা পুনঃ বিয়া করে এই বোর, ব্ৰাহ্মণক জ্ঞানী লোকে কেতিয়াও দেৱ আর পিতৃ কাৰ্য্য়ে হব্য়কব্য় আরু দানাদি নিদিব দিলে কোনো ফল নাই। পাপ হে হয়।