পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


বাৰ পুত্ৰ সকল হৰিৰ্ভুজ; পুলস্ত্যৰ সন্তান বোৰ আজাপ; আৰু বশিষ্ঠৰ সন্তান সকল সুকালিন নামে বিখ্যাত। ওপৰত যি বোৰ প্ৰধান পিতৃ সকলৰ বিষয় কোৱাহল এই জগতত তেঁও লোকৰ পুত্ৰ পৌত্ৰাদি অনন্ত বংশ পৰম্পৰাকেও পিতৃ লোক বুলি জানিবা। পৰিচৰ্যাদি ঋষি সকলোৰ পৰা পিতৃ লোক হৈছে; পিতৃ লোকৰ পৰা দেৱদানব, আৰু দেৱতা সকলৰ পৰাই এই চৰাচৰ জগত 'অনুক্ৰমে উৎপন্ন হৈছে। পিতৃ লোকক ৰূপৰ পাত্ৰত কিম্বা ৰৌপ্য মিহলি থকা তাম্ৰাদি পাত্ৰত শ্ৰদ্ধাৰে জল দান কৰিলে, তেঁও লোকৰ অতিশয় তৃপ্তি হয়। দেৱকাৰ্যাপেক্ষা পিতৃ কাৰ্য্য় অতি যত্ন পূৰ্ব্বক কৰিব লাগে। কেবল পিতৃ কাৰ্য্যৰ সহায়ৰ কাৰণে হে বেৱকাৰ্য্য বিশ্বদেব আবাহনাদি কৰা যায়। তাকে ন কৰিলে ৰাক্ষস বোৰে শ্ৰাদ্ধ নষ্ট কৰে। এই কাৰণে শ্ৰাদ্ধ কাৰ্যৰ পূৰ্বে্বই দেবকাৰ্য কৰা কৰ্তব্য। শ্ৰাদ্ধ কামৰ নিমিত্তে হাড়, এঙ্গাৰাদি নথকা শুচি আৰু নিৰ্জন ঠাইলৈ, তাক গোবৰ দ্বাৰা লেপন কৰিব লাগে। সেই ঠাই খন যদি আগয়ে দক্ষিণ দিকে ক্ৰমে এণ্ঢলীয়া ন হয়; তেন্তে কোদালেৰে খানি এণ্ঢলীয়া কৰিলব। শুচি অনাবৃত ঠাইত নদীৰ পাৰত আৰু নিৰ্জনত শ্ৰাদ্ধৰ ঠাই কৰিলে পিতৃ সকল সন্তুষ্ট হয়। সেই ঠাইত কুশযুক্ত ভিন্ন ২ আসন পাতি নিমন্ত্ৰিত ব্ৰাহ্মণ সকলে স্নানাচমন কৰিলে একে একে প্ৰত্যেককে বহুৱাব। দেৱ ৰাহ্মণৰ আসনত পুৰ্ব্বাগ্ৰ দুইকুশ, আৰু পিতৃ ব্ৰাহ্মণৰ দক্ষিণাৰ্গ এককুশ প্ৰদান কৰিব। পিছে গন্ধ মালা ধুপ দীপাদিবে দেৱ ব্ৰাহ্মণক আগে আৰু পিতৃ ব্ৰাক্ষ্মণক পিছে পূজা কৰিব। পিছে ব্ৰাহ্মণক কুশ আৰু তিল মিহলি অৰ্ঘ্যজল দান কৰি, সকলোৰে আজ্ঞা লৈ বক্ষমান ৰীতিক্ৰমে অগ্নিত হোম কৰিব। যদি নিজে অগ্নি .