পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৩৩)


সেই কামত একো ফল নাই। আৰু সি কেতিয়াও স্বৰ্গ লাভয় অধিকারী নহয়। যেনে;-

যঃ সঙ্গতানি কুৰুতে মহা শ্ৰাদ্ধেন মানবঃ।
স স্বৰ্গচ্চ্যবতে লোকাচ্ছাদ্ধামিত্ৰো দ্বিজাধমঃ॥

( ইতি মনুঃ তৃঃ অঃ ১৪০॥ )

 ব্ৰাহ্মণক নিয়ম পূৰ্ব্বক দক্ষিণা দান কৰিলে দাতা আৰু দান গ্ৰহণকারী এই দুইও জনে ইহ পর উভয় লোকে ফল লাভ করে। শ্ৰাদ্ধে স্থল বিশেষে মিত্ৰকেই, ভোজন করাবলৈ পারে কিন্তু শত্ৰু যদি অতি বিদ্বানো হয় তথাপি তাক ভোজন করোৱা উচিত নহয়। শত্ৰুলোকে শ্ৰাদ্ধীয় দ্ৰব্য ভোজন কৰিলে, পৰ লোকৰ পক্ষে একেবাৰেই নিষ্ফল। যেনে;-

কামঃ শ্ৰাৰ্দ্ধে হয়েৰ্চ্চান্মত্ৰং নাভিৰূপ মপিত্বৰিম্।
দ্বিষতাহি হৰিৰ্ভুক্তং ভবতি প্ৰেত্যনিষ্ফলম॥

( ইতি মনুঃ তৃঃ অঃ ১৪৪।)

 বেদ পারগ ঋগ্বেদী শাখাধ্যায়ী যজুৰ্ব্বেদী কিম্বা সমাপ্তাধ্যায়ী সাম্ বেদী , এই তিনি ব্ৰাহ্মণর একজনও যাৰ শ্ৰাদ্ধত সম্মানিত হৈ ভোজন করে; তাৰ পিত্ৰাদি সপ্তম পুরুষৰ চিৰস্থায়িনী তৃপ্তি লাভ হয়। এনেকুৱা ব্ৰাহ্মণৰ যদি নেপায়, তেন্তে মাতামহ, মামা, ভাগিন, শসুৰ, গুরু, কন্যাৰ পুত্ৰ, জামাতা, বন্ধু পুৰোহিত, শিষ্যাদিকেই ভোজন কৰাব।

 যি ব্ৰাহ্মণে চুৰ কৰে, যি জন পতিত, ক্লীব, নাস্তিক ধৰ্ম্মাৱলম্বী , বেদাধ্যায়ন নকরে; চৰ্ম্ম রোগী, দ্য়ুতক্ৰীড়া করে, বহুযাজক্ বেজালি, করে, প্ৰতিমা পৰিচাৰক মাংস বেচে বানিজ্য করে জীবিকা নিৰ্ব্বাহ করে, গাঁওৰ বা রজার চাকৰী করে, কুনখি, যাৰ দাঁত ৰোয় কলা,