পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২৭ )

বৰ্জন কৰিব লাগে। স্ত্ৰীলোকৰ প্ৰথমৰ পৰা ষোল্ল ৰাতি ঋতুকাল জানিবা। তাৰ ভিতৰত প্ৰথম চাৰি ৰাতি আৰু একাদশ আৰু ত্ৰোয়োদশ এই ছয় ৰাতি স্ত্ৰী গমন নিষিদ্ধ। বাকী দহ ৰাতি স্ত্ৰী গমন প্ৰশস্ত। এই দহ ৰাতিৰ ভিতৰত ছয়, আট, দহ প্ৰভৃতি যুগ্ম ৰাতি শ্ৰীগমন কৰিলে যদি গৰ্ভ হয়; তেন্তে সেই গৰ্ভত পুত্ৰ জন্মে। যেনে;—যুগ্মাসু পুত্ৰঃ জনয়তে স্ত্ৰীয়োঃ হ যুগ্মাসু ৰাত্ৰিযু। আৰু পাঁচ, সাত প্ৰভৃতি অযুগ্ম নিশাত স্ত্ৰীগমন কৰিলে যদি গৰ্ভ হয়। তেন্তে সেই গৰ্ভত ছোৱালী জন্মে। এই কাৰণে পুত্ৰ কামনা কৰা লোকে ঋতু কালে যুগ্ম নিশাহে স্ত্ৰীগমন কৰা উচিত। অযুগ্ম নিশা হলেও পুৰুষৰ বীৰ্যাধিক্য হেতুকে পুত্ৰ ওপজে। যেনে;---পুং বীৰ্য্য়া- ধিকে পুং সাং স্ত্ৰীং বক্তত্যধিকে স্ত্ৰীয়াং। সেই দৰে যুগ্ম নিশাতো স্ত্ৰীৰ বীৰ্য্যাধিক্য গতিকে ছোৱালী সন্তান হয়। উভয়ৰ বীৰ্য্য সমান হলে ক্লীব কিম্বা জমজ পুত্ৰ-কন্যা হয়। আকৌ যদি উভয়ৰ বীৰ্য্য অসাৰ নাইবা অলপ হয় অৰ্থাৎ সন্তানোৎপাদনৰ নিমিত্তে যিমান বীৰ্যৰ আবশ্যক তিমান জোখাৰে ন হয়, তেনে হলে গৰ্ভ নহয়।

 যি লোকে ওপৰত কোবা নিন্দিত ছয় নিশা আৰু আনিন্দিত, দহ নিশাৰ যি কোনো আঠ নিশা এই চৈদ্ধ নিশাত স্ত্ৰীসংসৰ্গ পৰিত্যাগ কৰি, আৰু অমাবশ্যাদি পৰ্ব্বদিন বৰ্জিত ক্ৰমে অবশিষ্ট দুই ৰাতি মাথোন স্ত্ৰী গমন কৰে, তেও যি আস্ৰীমীয়েই হওক ব্ৰহ্মচাৰী হৈয়েই থাকে।

 বাপেকে কন্যা দানৰ নিমিওে অলপো ধন লব নেলাগে। কিয়নো ধন ললে সন্তান বিক্ৰয় কৰা হয়। সন্তান বিক্ৰয় কৰিলে গৰু মৰাৰ তুল্য পাপ হয়। বাপেক মোমায়েক আদি কন্য়াৰ গৰাকী সকলে যদি কন্য়া কিম্বা ভগিনীৰ টকা নাইবা দাসী, ঘোৰা গাড়ী বস্ত্ৰাদি উপভোগ কৰে, তেন্তে সেই পাপীৰ অধোগতি লাভ হয়। বৰৰ পক্ষৰ কাক ইচ্ছা কৰি;