( ২৮ )
যি ধন দান কৰে তাক পিত্ৰাদিয়ে নেৰাখি, যদি কন্য়াক দিয়ে, তে নে
হলে তাক বিক্ৰয় নোবোলে।
স্ত্ৰী লোকক যত্নেৰে ভোজনাদি প্ৰদান আৰু অলঙ্কাৰাদিৰে সদাই
সুৱনি কৰি আৰু সুখেৰে ৰখা বাপেক ভায়েক; পতি আৰু দেৱৰ
সকলৰ কৰ্ত্তব্য কৰ্ম্ম। যি বংশৰ নাৰী সকলৰ উপযুক্ত সমাদৰ আছে
সেই বংশৰ প্ৰতি দেৱতা সকল প্ৰসন্ন থাকে। আকৌ যি বংশত তিৰো
তাৰ আদৰ নাই; সেই বংশৰ যাগাদি ক্ৰিয়া কৰ্ম্ম সকলো বৃথা হৈ যায়।
যি বংশৰ স্ত্ৰী সকল সদায় দুঃখিত থাকে; সেই কুল শীঘ্ৰে বিনাশ হয়।
যি ঘৰত তিৰোতা বোৰৰ কোনো দুঃখ নাই সেই পৰিবাৰৰ সদাই
শ্ৰীবৃদ্ধি হয়। তিৰোতা বোৰ দু:খেৰে মনোকষ্টে থাকি যি গৃহস্থক
অভিশাপ দিয়ে; সেই কুল বিনাশ প্ৰাপ্ত হয়। এতেকে যি লোকে শ্ৰী বৃদ্ধিৰ কামনা কৰে; সদাই সাধ্যানু সাৰে ভাত কাপোৰ আৰু অলঙ্কা ৰাদিৰে
তিৰোতা বিলাকক আদৰ কৰা তেওঁলোকৰ কৰ্তব্য যি পৰিবাৰ স্বামী
ভাৰ্যা উভয়ে পৰস্পৰে পৰম্পৰৰ প্ৰতি সদাই সন্তুষ্ট থাকে, নিশ্চয় সেই
কুলত লক্ষ্মী অবস্থিতি কৰে। বস্ত্ৰালঙ্কাৰেৰ সুৱনী নহলে স্ত্ৰীয়ে স্বামীৰ
প্ৰমোদ জন্মাবলৈ নোৱাৰে। যদি স্ত্ৰীয়ে অলঙ্কাৰাদিৰে মনোহৰ ভাবে
শোভিতা হৈ থাকে; তেনেহলে সদাই ঘৰখন সুবনী হৈ থাকে। আকৌ
যদি স্ত্ৰী শোভিতা ন হয়; সমুদায় ঘৰ অসুৱনী যেন দেখি।কু বিবাহ
শ্ৰাদ্ধাদি ক্ৰিয়াকৰ্ম লোপ, বেদ শাস্ত্ৰৰ অধ্যয়ন ৰহিত
আৰু ব্ৰাহ্মণক অনাদৰ কৰা আদি কাৰণে অতি শ্ৰেষ্ঠ কুলও ক্ৰমে নিকৃষ্ট হৈ যায়।
ব্ৰাহ্মণে কপোৰ বোৱা আদি শিল্পকাম; টকা ধাৰ দি সুত গ্ৰহণ;
শূদ্ৰাৰ গৰ্ভে সন্তানোৎপাদন, গৰু ঘোৰা; শকটাদি কিনা বিকা’ কৃষি
ৰাজসেবা অজাতি যাজক; “শ্ৰুতি আৰু বেদ ৰহিত কাম কৰাৰ পৰা শীঘ্ৰ কুলহীন হৈ যায়।
পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
