পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২৬ )

আৰ্য বিবাহ বোলে "তোমালোক দুই ও জনে গৃহস্থী ধৰ্ম্মাচৰণ কৰিবা" এই অনুৰোধ কৰি, বিধিৱতে অলঙ্কাৰাদি সহিতে উচৰ্গা কৰি দৰাক যি কন্য়া দান কৰা যায় সি প্ৰজাপত্য বিবাহ। অশাস্ত্ৰ মতে স্বইচ্ছায় কন্যাৰ পিত্ৰাদিক আৰু কান্য়াক ধন দি যি কন্যা গ্ৰহণ কৰা হয়, তাকে আসুৰিক বিবাহ বোলে। দৰা-কন্যা উভয়ে পৰস্পৰ প্ৰথমে মৈথুনে- চ্ছায় মিল হৈ, পিছে হোমাদিৰ দ্বাৰাই বিবাহ সিদ্ধ কৰাক গান্ধব্য়; কন্য়া পক্ষৰ মানুহ বোৰক মাৰি কাটি, তাহাঁতৰ ঘৰ দুৱাৰ ভাঙ্গি কন্দা কটা কৰাই, কন্যাক বলেৰে ধৰি আনি বিয়া কৰাকে ৰাক্ষস বিবাহ বোলে। টোপনি যোৱা,মদখাঈ অস্থিৰ বা বলিয়া হোৰা তিৰোতাক নিৰ্জন ঠাইত গমন কৰাকে পৈশাচিক বিবাহ বোলে। এই আট বিধ বিবাহৰ মাজত এই পিচাশ বিয়া অতিশয় পাপ জনক আৰু অধৰ্ম্ম।

 হস্তোদক দান পূৰ্ব্বক কন্যা দান কৰাই ব্ৰাহ্মণৰ পক্ষে উত্তম। ক্ষত্ৰিয়াদি আন তিনি বৰ্ণৰ পৰম্পৰ ইচ্ছানুসাৰে অৰ্থাৎ কেবল কথাতেও কন্য়া দান সিদ্ধ হয়।

 অনিন্দিতা স্ত্ৰী বিয়া কৰিলে অনিন্দিত সন্তান জন্মে। আৰু নিন্দিত বিবাহত মানুহৰ নিন্দিত সন্তান জন্ম ধৰে। এই হেঁতুকে পৰা পক্ষে নিন্দিত বিবাহ পৰিত্যাগ কৰিব লাগে।

একাদশ অধ্যায়।

স্ত্ৰীসহবাস, পুত্ৰোৎপাদন, কন্যাদান আৰু স্ত্ৰীৰক্ষা।

 ঋতুকালে অবস্য়ই স্ত্ৰীগমন কৰিব। কেতিয়াও ঋতুকাল উলঙ্ঘন কৰিব নে লাগে। ঋতু কালৰ বাহিৰে অন্য় সময়েও ভাৰ্যাৰ তৃপ্তাথে ৰতি ইচ্ছা কৰা স্ত্ৰী-সহবাস কৰিব পাৰে; কিন্তু কি ঋতু কালে, কি অন্য সময়ে চতুৰ্দশী, অষ্টমী অমাবস্যা, পূৰ্ণিমা, সংক্ৰান্তি আদি পৰ্ব্বদিন