পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


[ ১৯ ] মোমাই, খুৰা, জেঠা, শ্বশুৰ, পুৰোহিত নাইবা আন কোনো গুৰু জন বয়সে সৰু হলেও তেওঁ লোক আহিলে গাত্ৰোখান পূৰ্ব্বক সেৱা কৰিব। পিতৃ-মাতৃ উভয় পক্ষৰ পেহী আৰু জেঠী, মামী জ্যেষ্ঠ ভ্ৰাতাৰ স্ত্ৰী আৰু শাহু এওঁ লোকক মাতৃ আৰু গুৰু পত্নীৰ নিচিনা ভৰিত ধৰি সেৱা শুশ্ৰুষা কৰিব লাগে। কিয়নো এওঁ লোক এটাই বিলাকে মাতৃ আৰু গুৰু পত্নীৰ তুল্য মান্যা। একে গ্ৰামৰ লোক সকলৰ মাজত দহ বছৰ বয়সৰ কম বেচিত মান্যতাৰ তাৰতম্য নাই। আকৌ গান আৰু ভাওনাৰ দলৰ মাজত পাঁচ বছৰ বয়সৰ কম বেচিত মান্যতাৰ কোনো ইতৰ বিশেষ নাই। স্বজাতিৰ মাজত ধন, সম্বন্ধ, বয়স শাস্ত্ৰমতে প্ৰৱৰ্তন কৰা লোক আৰু বিদ্বান এই পাঁচ জন মান্যৱন্ত। এওঁ লোকৰ মাজত আকৌ যাৰ বেচি গুণ আছে; তেওঁ সবাতকৈ মানী। আৰু নব্বই বছৰ বয়সীয়া শূদ্ৰ ও ব্ৰাহ্মনাদিৰ মানণীয়। চাকা থকা ৰথ শকটাদি, অতিশয় বুড়া, ৰোগী অৰ্থাৎ শক্তিহীন, ভাবী, তিৰোতা, বেদজ্ঞ ব্ৰাহ্মণ, ৰজা আৰু দৰা এই সকলোক যাবলৈ আগে পথ এৰি দিব। যদি এওঁলোকৰ মাজত পৰস্পৰ লগ পাৰপৰা হয়; তেন্তে বেদজ্ঞ ব্ৰাহ্মণ আৰু ৰজা সৰ্ব্বাপেক্ষা মানণীয়। বেদজ্ঞ ব্ৰাহ্মণ আকৌ ৰজাতকৈ বেচি মানী॥ দহ জন উপাধ্যায়তকৈ সংস্কাৰাদি কৰ্ত্তা আৰু পিতা বেচি আৰু মাতৃ পিতাতকৈ হেজাৰ গুণে বেছি।

  • যোনে উপনয়ন দি বিদ্য়া আৰু বেদ শাস্ত্ৰ শিকায় তেওঁক আচাৰ্য্য

বোলে। যি জনে জীবিকাৰ নিমিত্তে বেদ পঢ়ায় তেওঁ " উপাধ্যায়," যেনে সমস্ত সংস্কাৰাদি কৰাই অন্নেৰে প্ৰতি পালন কৰে, তেওঁৱেই পিতা আৰু গুৰু।