পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


                     ( ২০ )

অবিদ্বান, বেদ জ্ঞান নথকালোক বুড়া হলেও লৰা, আৰু যি জনা জানোপদেশক তেওঁ লৰা হলেও পিতৃ তুল্য পূজনীয়। ই অতি আগৰ পৰাই প্ৰসিদ্ধ আছে। জ্ঞানেই ব্ৰাহ্মণৰ বেচি, বলেই ক্ষত্ৰিয়ৰ, ধন-ধান বেচি হলে বৈশ্যৰ আৰু বয়সৰ বেচ কমেই শূদ্ৰৰ ডাঙ্গৰ হয়। কেৱল কেশ পকিলেই বৃদ্ধ ন হয়, যি জনে ডেকা হইও বিদ্বান, তেওঁকেই বৃদ্ধ বোলে। কাঠেৰে সজা হাতী আৰু ছালেৰে সজা পহু যি ৰকম, বেদ হীন ব্ৰাহ্মণও তেনেকুৱা। এই তিনিও কোনো কামৰ ন হয়। অতিশয় তাড়নাদি শিষ্যক শিকাব নে লাগে। যি জনে ধৰ্ম্মক আশা কৰি শিকায় তেওঁ শিষ্যক নম্ৰ মাতেৰে মৰমেৰে শিকাব লাগে। যি কামত বা বাক্যত অপৰৰ অনিষ্ট হয়, তেনেকুৱা ব্যৱহাৰ কৰিব নে লাগে। আকৌ যি কথা কলে মানুহৰ খং জন্মে তেনে কথা উচ্চাৰণ কৰিব নে লাগে। লোকে আনৰ পৰা সম্মান পালে বিষৰ নিচিনা আৰু অপমান পালে অমৃতৰ নিচিনা জ্ঞান কৰিব। কিয়নো অপমান সহ্য় কৰিবলৈ ক্ৰমে অভ্যাস হলে, পিচত অপমান পালেও থং নুঠা হয়। তেতিয়া লোকৰ পৰা সুযশ পোৱা যায়, আৰু নিজেও পৰম সুখে শান্তিত দিন কটাই থাকিব পাৰি। পৰন্তু অপমান দাতা লোক সমাজত নিন্দনীয় হয়, আৰু সেই পাপে তাৰ দুইও কাল নষ্ট হয়। শিক্ষক, শোনিত সম্বন্ধীয় পিতৃব্যাদি, সৎপথ দাতা, হিতোপদেশক, বৃদ্ধ, গুৰুপুত্ৰ, আৰ্য ব্ৰাহ্মণ আৰু গুৰুৰ ভ্ৰাতাদি বন্ধু বৰ্গক গুৰুৰ নিচিনা আচৰণ কৰিব লাগে। গুৰু পত্নীৰ গাত তেল লগোৱা, তেওঁক গা ধোওয়া, গা ঘঁহা আৰু চুলি বন্ধাদি কাম কৰি নি দিব। আন কি ডেকা শিষ্য়ে গা ভৰু গুৰু পত্নীৰ ভৰিত ধৰিয়েই সেৱা ন কৰিব। এই সংসাৰত মানুহক দূষিত কৰাই তিৰোতা বোৰৰ স্বভাৱ, এই হেঁতুকে জ্ঞানী সকলে তিৰোতা সম্বন্ধে কেতিয়াও প্ৰমত্ত কিম্বা অসাৱধান