পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


[ ১৮। বিদ্যা ব্ৰাহ্মণৰ ঠাইক আহি কয় যে, “মই তোমাৰ নিধি (বহু সম্পত্তিৰ ভৰাল) মোক যত্নকৈ ৰখা; যাৰ শ্ৰদ্ধা নাই আৰু দোষী আদি অপাত্ৰৰ ঠাইত মোক অৰ্পণ নকৰিবা। কিয়নো তেনে লোকক দান কৰিলে মই অতি হীন হৈ থাকিব লগীয়া হয়। যি সদায় শুচি আৰু জীতেন্দ্ৰিয় মোক তাকেই অৰ্পণ কৰিবা । সদাচাৰী ব্ৰাহ্মণ যদি শাস্ত্ৰজ্ঞ ন হয়, কেৱল গায়ত্ৰী মাথোন জানে তথাপি তেওঁ মান্য; কিন্তু তিনি বেদ জনা লোকেও যদি অনাচাৰী হৈ অখাদ্য খায় বা অখাদ্য বিক্ৰয় ইত্যাদি বেয়া কাম কৰে; তথাপি মানণীয় ন হয়। বিদ্যা আৰু বয়সে বেচি লোকে যি শয্যা আৰু আসন ব্যৱহাৰ কৰে, তাত কেতিয়াও বহিব বা শুব নে লাগে। যদি নিজে শয্যাত শুই থকাত, কিম্বা আসনত বহি থকা সময়ত কোনো গুৰু লোক আহে; তেন্তে ততালিকে তাৰ পৰা উঠি সেৱা কৰিব লাগে। ইয়াৰ কাৰণ এই যে বয়সীয়া, বিদ্বান আৰু মানী বৃদ্ধ, ডেকাৰ গুৰিত উপস্থিত হলে, ডেকাৰ প্ৰাণ উৰ্দ্ধ দিকে যাবলৈ চেষ্টা কৰে; পিছে থিয় দি গৈ সেৱা ভক্তি কৰাৰ পৰা আকৌ প্ৰাণ লাভ কৰে। সদাই বৃদ্ধক পৰিচৰ্য্যা আৰু সেৱা কৰিলে, ডেকাৰ আয়ু, বিদ্যা, যশ আৰু বল এই চাৰিটি বৃদ্ধি হয়। সেৱা কৰা সময়ত নিজৰ নাম কৈ চিনাকি দিব লাগে। যি ব্ৰাহ্মণে প্ৰত্যাভিবাদন কৰিবলৈ নে জানে তেওঁক বিদ্বান লোকে সেৱা কৰা অযুগুত। সমান বয়সীয়া নাইবা কনিষ্ঠ লোকক লগ পালে ব্ৰাহ্মণক কুশল, ক্ষত্ৰিয়ক অনাময়, বৈশ্যক ক্ষম (সহি থাক) আৰু শূদ্ৰক আৰোগ্য শব্দ উচ্চাৰণ কৰি মঙ্গল বাতৰি শুধিব। কোনো প্ৰকাৰ ৰক্ত সম্বন্ধ নথকা পৰস্ত্ৰীক *ভবতী সুভগে * নাইবা ভনী বুলি সম্বোধন কৰিব লাগে।