[ ১৭ ]
নৌকা যেনেকৈ বেচি ফাট্ বা বিন্ধা না থাকিলেও কেৱল এটি ফাট্
বা বিন্ধাৰেই পাণী সোমাই জলমগ্ন হয়। তেনেকুৱা ইন্দ্ৰিয়বোৰৰ
মাজতো যদি একটি ইন্দ্ৰিয়ও স্থলিত হয়; তেন্তে সেই এটিৰ দ্বাৰাই
পৰম জ্ঞান নষ্ট হয়। ইন্দ্ৰিয় বোৰক নিজবশে ৰাখি, মনক সংযম্ (বন্ধ
বা নিয়মাধীন ৰখা) কৰি, আরু নিয়মিত উপায়ে শৰীৰ নীৰোগে ৰাখি,
মানুহে সকলো কৰ্ত্তব্য় কাম সাধন কৰিব।
পুৱাতে স্নান কৰি সূৰ্য্য দৰ্শণ নোহোৱালৈকে এঠাইতে ঠিক দি, থাকি, সাবিত্ৰী জপ কৰিব আৰু গধূলিও নক্ষত্ৰ দৰ্শণ নো হোৱালৈকে আসনত বহি একান্ত মনে জপ কৰিব; তেনেহলে দিনৰ আৰু ৰাতিৰ কৰা উভয় পাপ নষ্ট হয়। যি বাহ্মণে ইয়াক ন কবে, সি শূদ্ৰৰ নিচিনা হৈ সকলো দ্বিজ কৰ্ম্মৰ পৰা বাহিৰ হয়। শূদ্ৰ সকলোও সেই লেখিয়া ৰাতিপুৱা শুই উঠি, নিয়ম পূৰ্ব্বক শুচি হৈ, পূৰ্ব মুখে কঠ্ বা ধাবাত বহি গুরু দত্ত নাম জপ্ কৰিব আরু সেইরূপে গধূলিও নাম লব, তেনেহলে শূদ্ৰরো অহৰ্নিশে কৰা পাপ মোচন হয়।
⸻
অষ্টম অধ্যায়।
বিদ্য়াদানৰ নিয়ম। সেৱাৰ যোগ্য়াযোগ্য় ব্ৰাক্ষ্মণ।
উত্তম বীজ যেনেকুৱা ক্ষাৰযুক্ত মাটিত ৰুব নেলাগে, সেইরূপে অধৰ্ম্মী আৰু সেৱা শুশ্ৰুষাদি নজনা আকৌ অৰ্থলাভ নো হোৱা ঠাইত বিদ্যা আৰু জ্ঞান দান কৰা অনুচিত।
যেনে;-ধৰ্ম্মাৰ্থৌ যত্ৰন স্যাতাং শুশ্ৰূষা বাপি তদ্বিধা।
তত্ৰ বিদ্বান ন বক্তব্যা শুভং বীজমিবোষৰে॥ ১১২
(ইতি মনুঃ বিঃ অঃ)
৩