পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


( ১৬ ) শৰীৰত যি বোৰ ইন্দ্ৰিয় আছে, সেই বোয়েই প্ৰধান ৰূপে পাপ- পুণ্যৰ কৰ্ত্তা। সাৰথিয়ে যেনেকৈ ৰথৰ খোৰাক নিৰ্দিষ্ট বাটে পৰিচালন কৰে; আৰু হস্তীয়ে আন পথে যাব খুজিলে যেনেকৈ মাউতে অঙ্কূশেৰে টানি আনি নিৰ্দিষ্ট পথে লৈ যায়, সেই ৰূপে সাধু লোকেও বিষয় সমূহলৈ সদাই আগমন কৰা ইন্দিয় বোৰক সৎপথে পৰিচালন কৰে। পূৰ্ব্বে মুনি সকলে একাদশ ইন্দিয়ৰ কথা উল্লেখ কৰি গৈছে। সেই সকল ইন্দ্ৰিয় যথা -কৰ্ণ, ত্বক, চক্ষু জিহবা, নাক এই পাঁচটি জ্ঞানেন্দ্ৰিয় আৰু পায়ু (মলদ্বাৰ) উপস্থ (লিঙ্গ) হাত, ভৰি, বাক্য এই পাঁচটিক কৰ্ম্মেন্দ্ৰিয় বোলে। মন একাদশ ইন্দিয়ই নিজ গুণে উক্ত কৰ্ম্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয় উভয়ৰে আত্মা স্বৰূপ। এই মনক জয় কৰিব পাৰিলে, উপৰত কোয়া দহ ইন্দ্ৰিয়ক অনায়াসে জয় ( দমন) কাৰিব পৰা যায়। মানুহে কেবল ইন্দ্ৰিয় বোৰৰ বিষয় আসক্তিতেই হে মগ্ন হৈ থাকে,ইয়াত কোন সন্দেহ নাই। ইন্দ্ৰিয় বোৰক সংযম (সৎপথে আনয়ন) কৰিবলৈ পাৰিলেই সকলো সিদ্ধি লাভ কৰিব পাৰি। কাম্য বিষয় উপভোগেৰে কেতিয়াও শান্তি নহয়। পৰন্তু ঘৃতাহতি পৰিলে অগ্নি যেনেকৈ আকৌ বেছিকৈ প্ৰজ্বলিত হৈ উঠে, বিষয় ভোগ- তো তেনেকুৱা আকৌ ৰেছিকৈহে লোভ বাঢ়ে। মানুহে জ্ঞানালোচনা কৰি, বিষয়ভোগ কৰিবলৈ নিদিয়াকৈ ৰখায় চেষ্টা কৰিলেই ইন্দ্ৰিয় ৰোধ ক্ৰমে ক্ৰমে উপশান্ত হয়। বেদপাঠ, দান, যজ্ঞ আৰু তপস্যাদি যি বোৰ পূণ্য কাৰ্যই কয়োক, বিষয় লোলুপ,দুষ্ট প্ৰকৃতিয় লোকে কেতিয়াও সিদ্ধি লাভত সমৰ্থ ন হয়। শ্ৰবন, স্পৰ্শ, দৰ্শন ভোজন আৰু আঘ্ৰাণ এই বোৰ অনুকূল হওক ৰা প্ৰতিকুলেই হওক (লাভালাভ যিবা নহওক) একোতে যায় হৰ্ষ বা বিষাদ উৎপন্ন ন হয়, তেওয়েই জিতেন্দ্ৰিয়।