পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


শিষ্যক প্ৰথমে “ভো” বুলি সম্বোধন কৰি পাঠ আৰম্ভ কৰাব; আৰু এই ঠাইত পাঠ ৰল বুলি অধ্যয়ন শেষ কৰাব। বেদাধ্যয়নৰ আৰম্ভতে আৰু সমাপনতে ব্ৰাহ্মণে দুই হাতে কুশ ধৰি, পবিত্ৰ হৈ সদাই প্ৰণৰ (তিনিটি শব্দ *) উচ্চাৰণ কৰিব। ইয়াক নকৰিলে শিক্ষাৰ বহুত ব্যাঘাত জন্মে আৰু নিস্ফল হয়।

  বেদ বিহিত যজ্ঞাদিতকৈ জপ জজ্ঞ দহ গুণে বেচি, জপ, জজ্ঞৰ মাজত

উপাংশু অৰ্থাৎ আনে নুশুনাকৈ কৰা জপ শগুণে বেচি; উপাংশুতকৈ আকৌ মানস মনেবে কৰা) জপ হেজাৰ গুণে বেচি; ব্ৰাহ্মণে বৈদিক অন্যান্য কাৰ্যবোৰ নকৰিলেও কেবল জপ বলেই সিদ্ধি লাভ কৰিব তাৰ কোনো সংশয় নাই যেনে-- জপ্যে নৈবতু সংসিধোদ্বাহ্মণো নাত্ৰ সংশয়ঃ। কুৰ্যোদন্যোন্য বা কুৰ্যান্মৈত্ৰো ব্ৰাহ্মণ উচ্যতে॥৮৭ (ইছি মনু দ্বি : অ :

  • শুদ্ৰাদিয়ে সেই তিনিটি শব্দ উচ্চাৰণ কৰা ভাল নহয়। সেই দেখি

লেখা নহল। ব্ৰহ্মা সেই তিনিটী শব্দ তিনি বেদৰ পবা উদ্ধাৰ কৰিছে। সেই শব্দ তিনটি ব্যাহ্মণে উভয় সন্ধ্যাকালে একান্ত মনে উচ্চাৰণ কৰা উচিত। সি ব্ৰহ্ম প্ৰাপ্তিৰ একমাত্ৰ উপায়। তাৰ বহুত গুণ আছে। বৈদিক ক্ৰিয়াদি সমস্ত কালে নাশ হব , কিন্তু সেই প্ৰণবাক্ষৰ অক্ষয় থাকেই। প্ৰজাপতি ব্ৰহ্মা স্বৰূপ। যেনেং- ক্ষয়ন্তি সব্বা বৈদিকোজুহেতি যজতি ক্ৰিয়া। অক্ষৰন্তক্ষৎ জ্ঞেয়ব্ৰহ্মচৈব, প্ৰজাপতি : ৮৪ ( ইতি মনু দ্বিঃ অঃ॥)