পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


                    ( ১৪ )
  ব্ৰহ্মচাৰী যিমান দিন গুৰুৰ ঘৰৰ পৰা পিত্ৰালয়লৈ নাহে, সেই কেই

দিন হোম কাঠেৰে জুই ধৰিব, ভিক্ষা কৰিব, খাট আদি উচ্চ ঠাইত নুশুব আৰু সদায় গুৰুৰ হিতকৰ কাম কৰিব।

  ব্ৰাহ্মণৰ গৰ্ভ ষোল বছৰে, ক্ষত্ৰিয়ৰ গৰ্ভ দ্বাবিংশ বছৰে আৰু বৈশ্যৰ

চতুৰ্বিংশ বছৰে কেশাস্ত নামে সংস্কাৰ কৰিব লাগে।

  স্ত্ৰীলোকৰ শৰীৰ শুদ্ধিৰ নিমিত্তে উপনয়নত বাহিৰে অন্যান্য সমস্ত

সংস্কাৰ যথাকালে যথাক্ৰমে কৰা উচিত; কিন্তু মন্ত্ৰেৰে কৰিব নে লাগে। বিবাহ সংস্কাৰেই তিৱোতা বোৰৰ বৈদিক উপনয়ন সংস্কাৰ। ইয়াৰ স্বামী সেবায় ওৰু কুলত বাসা আৰু গৃহ কামেই পুয়া গধুলিৰ হোম আৰু অগ্নি পৰিচৰ্যা বুলি জানিব লাগে।

                সপ্তম অধ্যায়।

গুৰু শিষ্যৰ কৰ্তব্য কৰ্ম্ম,জপ মাহাত্ম্য, ইন্দ্ৰিয় বোৰৰ নাম

            আৰু দমনৰ উপায়।

গুৰুকে শিষ্যক উপনয়ন দি. প্ৰথমে আদ্যোপান্ত শৌচাচাৰ শিক্ষা দিব। শিষ্য়ে শাস্ত্ৰানুসাৰে আচমন কৰি, উওৰ মুখে কৃতাঞ্জলিপুটে একান্ত মনে পবিত্ৰ বেশে বহিলে, গুৰুৰে উপদেশ দিব। শিষ্যে নিতৌ যোয়া অহাৰ সময়ত গুৰুৰ দুই ভৰিত দুই হাত লগাই সেবা কৰিব আৰু পঢ়া সময়ত কৃতাঞ্জলি হৈ গুৰুৰ গুৰিতে বহি থাকিব। গুৰুৰে