পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


হয় । লোকে নিন্দা কয়ে, আকৌ স্বৰ্গ প্ৰাপ্তি ন হয়। এতেকে অতি ভোজন পৰিত্যাগ কৰা উচিত।

 ব্ৰাহ্মণে সদাই ব্ৰহ্মতীৰ্থ, অশক্ত পক্ষে প্ৰজাপতি বা দৈবতীৰ্থ দ্বাৰাই

আচমন কৰিব; কিন্তু পিতৃতীৰ্থেৰে কেতিয়া ও আচমন ন কৰিব। আচমন সময়ে ব্ৰহ্মাতীৰ্থ দ্বাৰাই প্ৰথমে তিনি বাৰ পানী খাব লাগে। পিছে ওষ্ঠ আৰু মুখ পানী সহিতে বুঢ়া অঙ্গুলিৰ গুৰিৰ ঘহিব লাগে তাৰ পিছে পানীৰে মূখত পকা ইন্দ্ৰিয়ছিদ্ৰ সকল, বক্ষ:স্থল আৰু সুৰক্ৰমে স্পৰ্শ কৰিব লাগে। ধৰ্মিষ্ঠ লোকে নিৰ্জন ঠাইত ৰহি উষ্ণীকৃত ঢাকন) আক ফেন নোহোৱা পানী লৈ ওপৰত কোৱা তীৰ্থয়ে আচমন কৰিব। আচমনৰ পানী ব্ৰাহ্মণৰ হৃদয় পৰ্যন্ত, ক্ষত্ৰিয়ৰ কণ্ঠ পৰ্য্য়ন্ত, বৈশ্যৰ জিহ্বা আৰু শূদ্ৰব ওষ্ঠব তল পৰ্য্যন্ত স্পৰ্শ কৰিলে শুচি হয় ।

 যজ্ঞ সূত্ৰ বা কাপোৰ বাম স্কন্ধব পৰা দক্ষিণ  কক্ষৰ নিম্ন পৰ্যন্ত

লম্বমান থকাত,তাৰ মাজেদি দক্ষিণ বাহু নিক্ৰান্ত হলে তাকেই উপবীতী বোলে দক্ষিণ কান্ধৰ পৰা বাম কক্ষৰ (বগলৰ বা বাহু মুলৰ) নিম্ন পৰ্যন্ত লম্বিত থাকিলে, যদি তাৰ মাজেৰে বাম বাহু নিক্ৰান্ত হয়; তেন্তে তাকে প্ৰাচীনা বীতী বোলে। বাৰ গলত বজ্ৰ সুত্ৰ মালাৰ নিচিনা ওলমাই ৰাখে তাকেই নিৰীতী বোলে।

মেখলা, চৰ্ম্ম, লাখুটি উপবীত আৰু কমণ্ডলু এই বোৰ ছিঙ্গিলে পানীত পেলাই মন্ত্ৰোচ্চাৰণ পূৰ্ব্বক অন্য মেখলাদি লব।

বুঢ়া আঙ্গুলিব গুৰিৰ তল ভাগক ব্ৰহ্মতীৰ্থ, কিনা আঙ্গুলি মূলক প্ৰজাপতি, সমস্ত আঙ্গুলিৰ আগ ভাগক দৈবতীৰ্থ, তৰ্জ্জণী আৰু বুঢ়া আঙ্গুলিৰ মাজ ভাগক পিতৃতীৰ্থ বোলা যায়। + এই নিয়ম চাৰি ও বৰ্ণে সৰ্ব্বতি কালে প্ৰতিপালন কৰা কৰ্তব্য।