পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১০ )


 বেদ অধ্যয়ন, ব্ৰহ্মচৰ্য্যাদি ব্ৰত স্বায়ং প্ৰাতঃ হোম, ব্ৰহ্মচৰ্য্য় সময়ে দেৱ-ঋষি-পিতৃ তৰ্পণ, গৃহাস্বাশ্ৰমী হৈ সন্তানোৎপাদন, ব্ৰহ্ম যজ্ঞাদি পঞ্চ মহাষজ্ঞ প্ৰভৃতিয়ে এই মনুষ্য শৰীৰক ব্ৰক্ষ্ম প্ৰাপ্তিৰ উপযুক্ত কৰে।

 লৰা জন্মিলে নাড়ী কটাৰ পূৰ্ব্বেই তাক স্বগৃহোক্ত মন্ত্ৰেৰে 'সোম, মৌ আৰু ঘি খুৱাব লাগে। লৰা উপজিলে তাৰ নামকৰণ এগাৰ দিনৰ দিনাখন নাইবা তাৰ অলপ, পিছতো যিদিনা জ্যোতিষমতে নক্ষত্ৰ আৰু লগ্নাদি শুদ্ধ হব, সেই দিনে করা উচিত। ব্ৰাহ্মণৰ মঙ্গল বোধক, ক্ষত্ৰিয়ৰ বল বোধক, বৈশ্যর ধন বোধক, আরু শূদ্ৰৰ হীনতা বোধক নাম ৰাখিব লাগে। ব্ৰাহ্মণর নামৰ শেষত গৰ্ম্ম, ক্ষত্ৰিয়ৰ বৰ্ম্মাদি রক্ষা বোধক, বৈশ্যৰ ভূতি প্ৰভৃতি পুষ্টি (বৃদ্ধি পা পোষণ ) বোধক আরু শূদ্ৰৰ নামৰ, শেষে দাসাদি প্ৰেব্য বোধক উপপদ যোগ করিব। যেনে- অনন্ত শৰ্মা, বসুভূতি আরু দীন দাস ইত্যাদি। স্ত্ৰীর নাম এনেকুৱা হব যেন সুখে উচ্চাৰণ কৰিব পারি; নিৰ্দয় আক কঠিন বাচক ন হয়, মনোহর আৰু আদর ভাব বুজায় অৰ্থর স্পষ্ট জ্ঞান জন্মে আৰু যেন দীৰ্ঘ স্বৰান্ত হয়। যেনে, মঙ্গলা দেবী, অম্বিকা দেবী, হেমপ্ৰভা দাসী, সুশীলা দাসী, মোহিনী ইত্যাদি।

 চতুৰ্থ মাহে সূৰ্য্য দৰ্শন কৰাবলৈ জন্ম ঘৰৰ পৰা জন্ম হোৱা লৰাক বাহির লৈ উলিয়াব লাগে। ইয়াকে নিক্ৰমন সংস্কার বোলে। ষষ্ঠ মাহত লৰাৰ অন্নপ্ৰাসন কৰিব লাগে, নাইবা নিজর কুলধৰ্ম্ম অনুসাৰে যি সময় নিয়ম সেই সময়তো করিব।' শ্ৰতিৰ মতে সমুদাই দ্বিজাতি সকলে প্ৰথম কিম্বা তৃতীয় বছৰে কুলাচাৰ অনুসাৰে চূড়াকরণ সংস্কাৰ কৰা উচিত।

 গৰ্ভ সঞ্চাৰ হোৱাৰ পৰা গণণা কৰি, ব্ৰাহ্মণৰ আঠ বছৰে ক্ষত্ৰিয়ৰ এগাৰ বছৰে আরু বৈশ্যৰ বাৰ বছৰে উপনয়ন করা উচিত। কিন্তু