পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


                 ( ৯ )

আৰু এটি কথা চাৰি বৰ্ণৰে সনাতন ধৰ্ম আচাৰ। আচাৰ প্ৰতি পালন যে পৰম ধৰ্ম্ম ইয়াক, বেদ সূতাদি সমস্ত শাস্ত্ৰতেই প্ৰতিপন্ন হৈছে। এতেকে আত্মজ্ঞানী ব্ৰাহ্মণ সকলেও সদায় আচাৰানুষ্ঠানে যত্নবান খাকিব। আচাৰ ভষ্ট কোনো লোকেই প্ৰতিষ্ঠালাভ (মুক্তি হয়) কৰিব নোৱাৰে। আন কি আচাৰ শ্ৰষ্ট ব্ৰাহ্মণ কেতিয়াও বেদৰ ফল ভোগী ন হয়। যদি আচাৰ যুক্ত হয় আৰু যদি অতিশয় বেদজ্ঞ ও ন হয়, তথাপি সেই বাহ্মণে বেদ পূণ্যৰ সম্পূৰ্ণ ভোগী হবগৈ পাৰিব।

  পূৰ্ব্ব কালত মুনি ঋষি সকলে এই আচাৰেৰ ধৰ্ম্ম প্ৰাপ্তি হয়

দেখিয়েই আচাৰ সকলো তপস্যাৰ মূল জানি, ইয়াক পৰম ধৰ্ম বুলি গ্ৰহণ কৰিচিল যেনে, -

     অতি পাতকিক, নাম না লাগে,
         নিয়ম সঙগে তৰে।
শৃগালক খেদিতে,      সিংহ নে লাগে,
         কুকুৰে খেদিতে পাৰে।
                      (গীতা আৰু নাম ঘোষা।)
                পঞ্চম অধ্যায়।
                বৰ্ণধৰ্ম আশ্ৰমধৰ্ম্ম।

বৈদিক পূণ্য কাৰ্যেৰে দ্বিজাতি সকলৰ গৰ্ভধানাদি সংস্কাৰেৰে শৰীৰ শুদ্ধি কৰা কৰ্তব্য। এই বোৰ বৈদিক কাৰ্য্য়ৰে ইহকাল আৰু পৰকাল উভয়তেই পবিত্ৰ হয়। গৰ্ভাবস্থায় গৰ্ভাধান, জাতকৰ্ম্ম, চুড়া, কৰণ আৰু উপনয়নাদি সংস্কাৰ দ্বাৰাই দ্বিজাতি সকলৰ পূৰ্ব্বৰ পাপ বোৰ ক্ষয় হয় |