পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


                          ( ১ )
ব্ৰহ্ম তেজ কামনা কৰা ব্ৰাহ্মণে, বলাৰ্থী ক্ষত্ৰিয়ে আৰু খনকামী ৱৈশ্যে

যথাক্ৰমে গৰ্ভ পঞ্চম; গৰ্ভ ষষ্ঠ আৰু গৰ্ভ আৰু অষ্টম বছৰে নিজ নিজ লৰাৰ উপনয়ণ দিয়া কৰ্ত্তব্য়। সাধাৰণতঃ বাহ্মণৰ গৰ্ভ ষোল বছৰ ক্ষত্ৰিয়েৰ বাইশ বছৰ আৰু বৈশ্য়ৰ ছৌবিশ বছৰ পৰ্য্যন্ত উপনয়ন (লগুণ দিয়া) সময় অতীত না হয়। যদি উক্ত সময়তো এই তিনি বৰ্ণৰ উপনয়ন ন হয়, তেন্তে ইহত সাধু সমাজত নিন্দনীয় হয় আৰু ইহ’তক ব্ৰাত্য় অথাৎ সাবিত্ৰী পতিত বা সংস্কাৰ ৰহিত বোলে। এই ব্ৰাত্য় ব্ৰাহ্মণৰ দ্বাৰাই কেতিয়াও বৈদিক কাম; অধ্যাপনাদি আৰু কন্য়া দানাদি কৰিব নে লাগে। ষষ্ট অধ্যায়। উপনয়ণত ব্ৰহ্মচৰ্য্যৰ নিয়ম। ব্ৰাহ্মণ ব্ৰহ্মচাৰীৰ পিন্ধা কাপোৰ শনৰ আৰু উত্তৰী কৃষ্ণ সাৰৰ ছালৰ , ক্ষত্ৰিয়ৰ কাপোৰ ক্ষৗম বস্ত্ৰ (পাটৰ কাপোৰ। আৰু ৰু ৰু মৃগৰ ছালৰ উত্তৰী আৰু বৈশ্য় ব্ৰহ্মচাৰীৰ মেষৰ লোমেৰে সজা কাপোৰ আৰু উত্তৰী ছাগলীৰ ছালৰ। ব্ৰাহ্মণৰ মেখলা নিম্নয়ত শূন্য, মৃদুস্পৰ্শ (কোমল) তিনি ডালি মুঞ্জা তৃণেৰে সাজিব লাগে, ক্ষত্ৰিয়ৰ মুৰ্ব্বাময়ী ধনুকৰ ছিলাৰ নিচিনা হৰ লাগে। যদি মুঞ্জাদি পোৱা না যায়, তেন্তে উলুবনৰখাৰাই যথাক্ৰমে ব্ৰাহ্মণাদি তিনো বৰ্ণৰ মেখলা প্ৰস্তুত কৰা উচিত বি তিনিটি মেৰ দি মেখলা পিন্ধিব লাগে তাক কুলাচাৰ গোত্ৰ অনুসাৰে এক তিনি নাইবা পাঁচটি গাঠিৰে বান্ধিব লাগে।