এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
| কলহ লৈ নদীলৈ গ’লা। | ||
| ডাইনাপালী | : | মই নদীৰ পাৰত বহি ৰৈ আছো। এনেতে মই দেখো |
| মৰাশ এটা ভাহি আহিছে। মই সাতুৰি মৰাশটো ধৰিলো। | ||
| ওজা | : | আৰু মৰাশ খালা কিয়? |
| ডাইনাপালী | : | আপোনাৰ এতিয়াও মনৰ ভুল ধাৰনা আতঁৰা নাই। |
| মৰাশটোৰ কমৰত যেতিয়া মই খেপিয়াই চালো জাল | ||
| মোনাখন আছে। মই মোনাৰ গাঠিটো খুলিবলৈ বহুত | ||
| যত্ন কৰিলো। | ||
| ওজা | : | তেনেহ'লে তুমি কি কৰিলা? |
| ডাইনাপালী | : | মই উপায়হীন হৈ কামুৰি কামুৰি মোনাৰ ৰচিদাল |
| চিঙিলো। | ||
| ওজা | : | সোনবোৰ কি কৰিলা? |
| ডাইনাপালী | : | মই অতি সযতনে কোনেও নেদেখাকৈ এই কলহৰ |
| ভিতৰত ভৰাই আনিছো। | ||
| ওজা | : | তুমি বৰ বুদ্ধিমতী। তুমি মাৰ ঘৰলৈ যাব নেলাগে |
| আমাৰ ঘৰলৈ বলা। যদি কিবা কাৰণত পিতাই আমাক | ||
| ঘৰত ঠাই নিদিয়ে আমি নিজে ঘৰ দুৱাৰ কৰি সুখত | ||
| থাকিম। | ||
| ডাইনাপালী | : | দুয়োজন পুনৰ ঘৰলৈ ফিৰি আহিল। ইয়াৰ অৰ্থ আনৰ |
| চকুৰে বাট বুলিব নালাগে। |
*** **** ***
হাহিৰ টোপোলা- ৭৭