পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কলহ লৈ নদীলৈ গ’লা।
ডাইনাপালী : মই নদীৰ পাৰত বহি ৰৈ আছো। এনেতে মই দেখো
মৰাশ এটা ভাহি আহিছে। মই সাতুৰি মৰাশটো ধৰিলো।
ওজা : আৰু মৰাশ খালা কিয়?
ডাইনাপালী : আপোনাৰ এতিয়াও মনৰ ভুল ধাৰনা আতঁৰা নাই।
মৰাশটোৰ কমৰত যেতিয়া মই খেপিয়াই চালো জাল
মোনাখন আছে। মই মোনাৰ গাঠিটো খুলিবলৈ বহুত
যত্ন কৰিলো।
ওজা : তেনেহ'লে তুমি কি কৰিলা?
ডাইনাপালী : মই উপায়হীন হৈ কামুৰি কামুৰি মোনাৰ ৰচিদাল
চিঙিলো।
ওজা : সোনবোৰ কি কৰিলা?
ডাইনাপালী : মই অতি সযতনে কোনেও নেদেখাকৈ এই কলহৰ
ভিতৰত ভৰাই আনিছো।
ওজা : তুমি বৰ বুদ্ধিমতী। তুমি মাৰ ঘৰলৈ যাব নেলাগে
আমাৰ ঘৰলৈ বলা। যদি কিবা কাৰণত পিতাই আমাক
ঘৰত ঠাই নিদিয়ে আমি নিজে ঘৰ দুৱাৰ কৰি সুখত
থাকিম।
ডাইনাপালী : দুয়োজন পুনৰ ঘৰলৈ ফিৰি আহিল। ইয়াৰ অৰ্থ আনৰ
চকুৰে বাট বুলিব নালাগে।

 ***  ****  ***

হাহিৰ টোপোলা- ৭৭