এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অকৰমণ্য
| ডাইনাপালী | : | . এইবিলাকে বিয়া কৰাই পাপ লব নেলাগে? |
| ওজা | : | কাৰ কথা কৈছা? |
| ডাইনাপালী | : | অক্ৰমন্য এটাৰ কথা কৈছো। দেখাত দেখি বিয়া কৰে |
| আপিটুৰো পাপ ললাক। | ||
| ওজা | : | বিয়া কৰাটো কি পাপ হ’ল? |
| ডাইনাপালী | : | বিয়া কৰাটো পাপ নহয়। বিয়া কৰে তিৰি চলিক আলে |
| আথানি কৰাটো পাপ। | ||
| ওজা | : | কাৰ কথা কৈছা? মই একো বুজা নাই। |
| ডাইনাপালী | : | অহ মই চেইনাৰ পুতেক নন্দৰ কথা কৈছুহা? |
| ওজা | : | কি হ'ল তাৰ? |
| ডাইনাপালী | : | কি হব দেখাত দেখি বুলি কলু না, তিৰিটু, আপাই |
| আপী ছয়টা মান। সি বেটাই আকদিন কামক যাব দুই | ||
| দিন ঘুমাব। | ||
| ওজা | : | এইটো বেয়া কথা। সংসাৰ কৰিছা। সংসাৰ পালন কৰিব |
| লাগিব। | ||
| ডাইনাপালী | : | তুমিহে কৈছ কিন্তু কি ঘটনা তুমিটো শুনা নাই। |
| ওজা | : | শুনা নাই ৰবা। |
| ডাইনাপালী | : | তিৰি চলিৰ জ্বালা সহ্য কৰিব নৰি একদিন সি বাবাজি |
| হবা গেল। | ||
| ওজা | : | ঘৰখন এনেকে এৰি থৈ? |
| ডাইনাপালী | : | যায় যায় সি এক সৈন্যাসীৰ আশ্ৰম পালাক। আশ্ৰমত |
হাহিৰ টোপোলা- ৭৮