পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অকৰমণ্য

ডাইনাপালী : . এইবিলাকে বিয়া কৰাই পাপ লব নেলাগে?
ওজা : কাৰ কথা কৈছা?
ডাইনাপালী : অক্ৰমন্য এটাৰ কথা কৈছো। দেখাত দেখি বিয়া কৰে
আপিটুৰো পাপ ললাক।
ওজা : বিয়া কৰাটো কি পাপ হ’ল?
ডাইনাপালী : বিয়া কৰাটো পাপ নহয়। বিয়া কৰে তিৰি চলিক আলে
আথানি কৰাটো পাপ।
ওজা : কাৰ কথা কৈছা? মই একো বুজা নাই।
ডাইনাপালী : অহ মই চেইনাৰ পুতেক নন্দৰ কথা কৈছুহা?
ওজা : কি হ'ল তাৰ?
ডাইনাপালী : কি হব দেখাত দেখি বুলি কলু না, তিৰিটু, আপাই
আপী ছয়টা মান। সি বেটাই আকদিন কামক যাব দুই
দিন ঘুমাব।
ওজা : এইটো বেয়া কথা। সংসাৰ কৰিছা। সংসাৰ পালন কৰিব
লাগিব।
ডাইনাপালী : তুমিহে কৈছ কিন্তু কি ঘটনা তুমিটো শুনা নাই।
ওজা : শুনা নাই ৰবা।
ডাইনাপালী : তিৰি চলিৰ জ্বালা সহ্য কৰিব নৰি একদিন সি বাবাজি
হবা গেল।
ওজা : ঘৰখন এনেকে এৰি থৈ?
ডাইনাপালী : যায় যায় সি এক সৈন্যাসীৰ আশ্ৰম পালাক। আশ্ৰমত
হাহিৰ টোপোলা- ৭৮