পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কথাটোকে বিশ্বাস কৰি মোক এনেধৰণৰ গালি গালাজ।
এবাৰ তো মোক সুধিব পাৰিলে হয় মই মৰাশ ভোকত
খালো নে খকত খালোঁ।
ওজা : সেই কাৰণে পৰৰ কথামতে মানুহৰ মৰাশ কোৱা বুলি
বোৱাৰীজনীক ঘৰৰ পৰা
ডাইনাপালী : উলিয়াই দিয়া বাবে কৈছো। এক আহামমক আমাৰ
বুঢ়া।
ওজা : এক আহামমক যাৰ তুমি।
ডাইনাপালী : এই সৰিয়হখিনি যাৰ তেওঁ এক আহামমক। কাৰণ
সৰিয়হৰ মাজেৰে এটা ৰাষ্টা হৈছে। হৈছেতো হবলৈ
দিয়া। ৰাষ্টাৰ দুয়োমুৰে দুখন বেৰ দিয়াত বেৰৰ কাষেৰে
নতুন ৰাষ্টাৰ কৰি আগত কৈ বেছি সৰিয়হ ক্ষতি হ’ল।
সেইবাবে এই মাতিখিনিত
ওজা : যিজনে সৰিয়হৰ খেতিখন কৰিছে।
ডাইনাপালী : তেওঁ এক আহামমক যাৰ ভূমি।
ওজা : আৰু এক আহামমক।
ডাইনাপালী : আমাৰ তুমি।
ওজা : মই
ডাইনাপালী : আ আপুনি এক আহামমক। ইমান দিন মোৰ লগত
সংসাৰ কৰি মোক চিনি নেপালে।
ওজা : সেই কাৰণে আপোনাৰ দেউতাকৰ কথাশুনি
ডাইনাপালী : মোক মাৰ ঘৰত থবলৈ লৈ আহিল৷ কিয় এবাৰ আপুনি
হাহিৰ টোপোলা- ৭৫