পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
এঠাইত সৰিয়হ তলিৰ মাজত এজোপা গছৰ তলত
বোৱাৰীজনী বহি পৰিল।
ওজা : মোৰ বৰ ভাগৰ লাগিছে। মই ইয়াত অলপ বহিম।
ডাইনাপালী : বহা।
ওজা : উহ বৰ গৰম।
ডাইনাপালী : এক আহামক কামাৰবুঢ়া
এক আহামক আমাৰ বুঢ়া
এক আহামক যাৰ ভুমি
এক আহামক আমাৰ তুমি
ওজা : এইটো কি কথা কলা।
ডাইনাপালী : হয় এক আহামক (মুৰ্খ) কামাৰবুঢ়া।
ওজা : তাৰ মানে।
ডাইনাপালী : তাৰ মানে আমাৰ গাঁওৰ যে ভলা কমাৰ আছিল। এই
ভলা কমাৰৰ তিৰি চলি বেটা পুত্ৰ কোনো নাই। কমাৰ
কাম কৰি পোৱা ধনখিনি সোন কিনে আৰু সোণৰ লাৰু
কৰি এখন জাল মোনাৰ ভিতৰত কমৰত বান্ধি ৰাখে।
ওজা : খৰছ কৰি খাব লাগে। সোণখিনি সাচি থয় কাৰবাবে।
ডাইনাপালী : সেই কাৰণে কামাৰ বুঢ়া আহামমক। এক আহামমক
আমাৰ বুঢ়া।
ওজা : তুমি পিতাকো আহামমক বনালা।
ডাইনাপালী : হৈ কাৰণে কৈছো। যদি আহামমক নহয় কোনোবাই
আহি ক’লে তোমাৰ বোৱাৰী মৰাশ খাইছে। সেই
হাহিৰ টোপোলা- ৭৪