পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ডাইনাপালী || : || মজাৰ কথা। এটা পঠা ছাগাল আৰু এটা শিয়ালে সখী
ওজা : মই শুনা নাই হা ডাইনাপালী।
বাইন্ধলাক।
ওজা : সখী বান্ধি শিয়াল আৰু ছাগলী আলোচনা কৰিলে৷
ডাইনাপালী : আমি সমবায়ভিত্তিত আখান খেতি কৰো। এই বুলি
এক বেলা মাটি ছাগালে শিঙেদি আৰু শিয়ালে দাতেদি
নখেদি চহ কইল্লাক।
ওজা : মাটি চহ কৰি শিয়ালে চুৰ কৰি এঘৰৰ পৰা বিধান ধান
আনিলে।
ডাইনাপালী : ধান চিতলাক
ওজা : কেইদিন মানৰ পিছত ধান গজিল। দুয়ো সখীৰ আনন্দ।
পাল পাতি দুয়ো ধান ৰখিবলৈ ধৰিলে।
ডাইনাপালী : ধানৰ গজালি কোমল ঘাহ দেখি চাৰিও কাশে একামাৰ
দুকামাৰ কৰি পাঠাই খাই আছে।
ওজা : লাহে লাহে ধান পকিল। এদিন দুই সখী আলোচনা
কৰিলে। এতিয়া আমাৰ ধান ভগাব লাগে।
ডাইনাপালী : ভগাব লাগে বুলি পঠাই ক’লে ধানখিনি। মোৰ নৰাখিনি
আপোনাৰ।
ওজা : নহয় মোৰ ধান, শিয়াল গৰজি উঠিল। আনহাতে ধান
গজাৰ পৰা আপুনি খোৱা আৰম্ভ কৰিছে। সেইবাবে,
ধানখিনি মোৰ নৰা আপোনাৰ।
ডাইনাপালী : পঠাই কলে নহব।
হাহিৰ টোপোলা- ৬৯