পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ডাইনাপালী : তোৰ গাৰ কাপোৰ গতাই চিৰা এ ভাল কাপোৰ নাই?
ওজা : নাই। ভাল কাপোৰ ক’ত পাম কোনে দিব?
ডাইনাপালী : তোৰ নাম কি?
ওজা : মোৰ নাম লখিমী
ডাইনাপালী : হা লখিমীঙ্গ কেনাই আচৰিত কথা এ।
অমৰা মৰে।
নিজৰা জৰে।
মৰাই হাল বায়৷
লক্ষিমীৰ গাত চিৰা কানী।
মোৰ নাম নিধনী হোৱাই ভাল৷
ওজা : পিছদিনা নিধনী স্কুললৈ গৈ আটাইখিনি কথা মাষ্টৰক
বুজাই ক'লে।
ডাইনাপালী : নিধনীৰ কথা শুনি মাষ্টৰে বৰ ভাল পালে আৰু নিধনীৰ
নাম হাজিৰা বহীত লিখিলে। আৰু কলে-
নামে মানুহৰ পৰিচয় নহয়
পৰিচয় হয় কৰ্মত॥

 *** *** ***

শিয়ালৰ সভা

ডাইনাপালী : ওজা আজি কালি কথাবিলাক বৰ বিপৰীত হৈছি হা।
ওজা : কেনে?
ডাইনাপালী : শিয়াল আৰু ছাগালে সখি বান্ধা শুইনচনা।
হাহিৰ টোপোল- ৬৮