পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ওজা : শিয়ালে হলে হবই লাগিব। নহলে আমি বিচাৰ পাতিম।
ডাইনাপালী : মাতক সমাজ।
ওজা : হব। মই শিয়াল সমাজ মাতিম। অহাকালি দুপৰীয়া।
ডাইনাপালী : সমাজ ক’ত বহিব।
ওজা : বেতৰ মাজৰ হাবিত।
ডাইনাপালী : নহব। চনবস্তিত বহিব লাগিব৷
ওজা : হব। কালি দুপৰীয়া।
ডাইনাপালী : দুয়ো তাৰ পৰা গৈ পাঠাই গাওঁত থকা ধেকুৱা
কুকুৰবোৰক মাতি আনি ক’লে – অহাকালি দুপৰীয়া
চনবস্তিত শিয়াল খাব পাৰিবি।
ওজা : কেনেকৈ?
ডাইনাপালী : তাতে শিয়ালৰ সমাজ বহিব। তুহাতে বস্তিৰ চাইৰো
কাশে মনে মনে চুপি থাকিবি। মই যেতিয়া বে বুলি
মাতিম তুহাতে যাবি আৰু ধাম ধুম শিয়াল ধৰি খাবি।
ওজা : শিয়ালে শিয়ালবোৰক মাতি আনি ক’লে চনবস্তিত
কালি দুপৰীয়া এখন সমাজ বহিব লাগিব৷ পঠাই যেতিয়া
সমাজ নামানো বুলি ক’ব পঠাক ধৰি আটায়ে দকচি
খাব লাগিব।
ডাইনাপালী : কথামতে পিছদিনা চনবস্তিত শিয়াল সভাৰ আয়োজন
হ’ল। কুকুৰ বাহিনীক চাৰিওফালে থৈ পঠা সভাত
উপস্থিত হ'ল৷
ওজা : এজনে প্ৰস্তাব কৰিলে আজিৰ সভাখনত সভাপতি
হাহিৰ টোপোল- ৭০