এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
| ওজা | : | সেইটো নিজৰা তাতে খাব পাৰিবা। |
| ডাইনাপালী | : | কি নাম? |
| ওজা | : | নিজৰা পাহাৰৰ পৰা জৰি জৰি আহিছে। |
| ডাইনাপালী | : | নিজৰা জৰে। |
| ওজা | : | জৰে। |
| ডাইনাপালী | : | বাহ কি সুন্দৰ। অমৰা মৰে। নিজৰা জৰে। |
| : | হালোৱাজনৰ ওচৰত পানী আছে নেকি? হেৰি | |
| : | আপোনাৰ ইয়াত পানী খাব পাম নেকি? | |
| ওজা | : | ইয়াত পানী নাই বাপু? তুমি মোৰ ঘৰলৈ যোৱা। ৰাষ্টাৰ |
| : | বাওঁফালে ২ নং ঘৰটো মোৰ ঘৰ। মৰাৰ ঘৰ কোনটোবুলি | |
| : | সুধিলে দেখাই দিব। | |
| ডাইনাপালী | : | আপোনাৰ নাম? |
| ওজা | : | অ মোৰ নাম মৰা ৰাম ডেকা। |
| ডাইনাপালী | : | আপুনি হাল বাইছে? |
| ওজা | : | দেখিছাই দেখোন মই হাল বাই আছো। |
| ডাইনাপালী | : | মৰাই হাল বায়। |
| ওজা | : | মা দেউতাই দিয়া নাম। এতিয়া সলামে ক’ত? যোৱা |
| : | আমাৰ ঘৰত পানী খাই যাবা। | |
| ডাইনাপালী | : | বাৰু হ’ব। |
| ডাইনাপালী | : | ঐ ছোৱালী ক’ত যাৱ? |
| ওজা | : | মই খুজিব যাওঁ। মোৰ মা-দেউতা কোনো নাই। মানুহৰ |
| : | ঘৰে ঘৰে মই খুজি খাওঁ। |
হাহিৰ টোপোলা- ৬৭