পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ওজা : সেইটো নিজৰা তাতে খাব পাৰিবা।
ডাইনাপালী : কি নাম?
ওজা : নিজৰা পাহাৰৰ পৰা জৰি জৰি আহিছে।
ডাইনাপালী : নিজৰা জৰে।
ওজা : জৰে।
ডাইনাপালী : বাহ কি সুন্দৰ। অমৰা মৰে। নিজৰা জৰে।
: হালোৱাজনৰ ওচৰত পানী আছে নেকি? হেৰি
: আপোনাৰ ইয়াত পানী খাব পাম নেকি?
ওজা : ইয়াত পানী নাই বাপু? তুমি মোৰ ঘৰলৈ যোৱা। ৰাষ্টাৰ
: বাওঁফালে ২ নং ঘৰটো মোৰ ঘৰ। মৰাৰ ঘৰ কোনটোবুলি
: সুধিলে দেখাই দিব।
ডাইনাপালী : আপোনাৰ নাম?
ওজা : অ মোৰ নাম মৰা ৰাম ডেকা।
ডাইনাপালী : আপুনি হাল বাইছে?
ওজা : দেখিছাই দেখোন মই হাল বাই আছো।
ডাইনাপালী : মৰাই হাল বায়।
ওজা : মা দেউতাই দিয়া নাম। এতিয়া সলামে ক’ত? যোৱা
: আমাৰ ঘৰত পানী খাই যাবা।
ডাইনাপালী : বাৰু হ’ব।
ডাইনাপালী : ঐ ছোৱালী ক’ত যাৱ?
ওজা : মই খুজিব যাওঁ। মোৰ মা-দেউতা কোনো নাই। মানুহৰ
: ঘৰে ঘৰে মই খুজি খাওঁ।
হাহিৰ টোপোলা- ৬৭