পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ওজা : দে নামতু কৌ?
ডাইনাপালী : মোৰ নাম নিধনী কেওত, পিতাৰ নাম ধনী কেওত।
ওজা : ঐ নিধনী। কথাতু ভাল নহয় এ। তোৰ বাপেৰ ধনী
সদাগৰ তাৰে পুতাক নিধনী কুনিনু থৈছিল এতোৰ
নামটো। আজি তোৰ নামতু নেলখুদে। তই এটা ভাল
চাই নাম লৈ সোমবাৰে আহিবি।
ডাইনাপালী : হব ছাৰ।
ওজা : আজি যা।
ডাইনাপালী : মাষ্টৰৰ কথাশুনি নিধনী ভাল নাম বিচাৰি গাওঁৰ মাজে
মাজে গৈ থাকিল।
ওজা : ঐ চলি, ৰহ ৰহ গছদাল পৰিব কাটা হৈছি। অলপ ৰ
ধিলা হৈ আছে মৰা গাছ।
ডাইনাপালী : হেৰি কি গছ এইডাল।
ওজা : অমৰা।
ডাইনাপালী : বুলে মৰা গছ হে।
ওজা : অ মৰা গছ। নচোৱা কিয়।
ডাইনাপালী : কি উল্টা কথা কৱে হা। গছ ডাল হ’ল অমৰা। ইটা
কৈছে বুলে মৰা গছ।
ডাইনাপালী : তাৰ মানে অমৰাও মৰে।
ওজা : ইয়াৰ পৰা যা কি উল্টা পুল্টা কথা সুধি থাকে।
ডাইনাপালী : বৰ পিয়াহ লাগিছে অলপ পানী খাব পাৰিলে ভাল আছিল।
হেৰি বৰ পিয়াহ লাগিছে অলপ পানী পাম নেকি?
হাহিৰ টোপোলা- ৬৬