পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ডাইনাপালী : মই কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি সন্যাসীৰ ওচৰলৈ যাম।

ওজা : বোপা তেনেহ'লে তুমি দয়া কৰি মোৰ বিষয় এটা প্ৰশ্ন
সুধি আহিবা।

ডাইনাপালী : মোৰ গলত কি বজি আছে মই মুখখন মেলা-জপোৱা
কৰিব নোৱাৰো, আজি দহ দিন মই একো খাব পৰা নাই৷

ওজা: বাৰু তুমি চিন্তা নকৰিবা। তোমাৰ বিষয়েও মই সুধি
আহিম।

ডাইনাপালী: আকৌ আনন্দৰে যাত্ৰা আৰম্ভ হ’ল। অৰণ্য পাৰ হৈ সি
এখন সুন্দৰ আশ্ৰম দেখিবলৈ পালে, আৰু সৈন্যাসীক
প্ৰণাম জনালে৷

ওজা: কোৱাচোন বাচা তোমাক কি লাগে।

ডাইনাপালী : গুৰুদেৱ মই বিনা কষ্টে ধনী হ’ব খোজো।

ওজা: তুমি বিনা কষ্টে ধনী হবা।

ডাইনাপালী : মোৰ আৰু তিনিটা প্ৰশ্ন আছে গুৰুদেৱ? এটা বৰালী
মাছৰ মুখখন জপাব নোৱাৰে? কাৰণ কি গুৰুদেৱ?

ওজা: তাৰ গলত এটুকুৰা হীৰা লাগি ধৰিছে। কোনোবাই হীৰা
;টুকুৰা উলিয়াই দিলে সি স্বাভাৱিক হ’ব।

ডাইনাপালীঃ এডাল আপেলৰ গছ, ফুল ধৰে ফল নধৰে? ইয়াৰ কাৰণ
কি গুৰুদেৱ?

ওজা: এই আপেল জোপাৰ তলত সাত ৰজাৰ ধন পুতি থোৱা
আছে। ধনখিনি কোনোবাই উলিয়াই নিলে গছজোপাৰ
ফলে ফুলে ভৰি পৰিব।

হাহিৰ টোপোলা- ৪৫