ডাইনাপালী : গুৰুদেৱ আৰু এটা প্ৰশ্ন এটা বুঢ়া বাঘ, সি এতিয়া পাপ
কৰিব নোখোজে। নেখাইয়ো থাকিব নোৱাৰে। গতিকে
কাক খালে পাপ নহয়, কথাটো জানিব বিচাৰিছে?
ওজা: তুমি বাঘক কবা যিজন অকৰমন্য সংসাৰৰ বোজা, তাক
খালে পাপ নহয়।
ডাইনাপালী : মই বিনা কষ্টে ধনী হম?
ওজা: তুমি বিনা কষ্টে ধনী হবা।
ডাইনাপালীঃ সন্যাসীক নমস্কাৰ কৰি মনৰ আনন্দত ঘৰমুৱা হ’ল।
ওজা: তুমি আহিলা বাপু। মোৰ কথাটো সুধিছিলানে?
ডাইনাপালী : তোমাৰ গলত এটুকুৰা হীৰা লাগি আছে? হীৰা টুকুৰা
কোনোবাই উলিয়াই দিলে তুমি আগৰ দৰে হবা।
ওজা: তোমাক সন্যাসী কি কলে?
ডাইনাপালী: কৈছে? মই বিনা কষ্টে ধনী হম।
ওজা: তেনেহলে হীৰা টুকুৰা তুমি লৈ যোৱা।
ডাইনাপালীঃ নাই, তোমাৰ মুখত হাত ভৰাই মই কষ্ট কৰিব নোৱাৰো৷
ওজা: বাপু সন্যাসীৰ ওচৰৰ পৰা আহিলা।
ডাইনাপালীঃ আহিলো।
ওজা: তোমাক কি কলে?
ডাইনাপালী : মই বিনা কষ্টে ধনী হম?
ওজা: মোৰ কথাটো কি কলে?
ডাইনাপালী : কলে তোমাৰ তলত সাত ৰজাৰ ধন পুতি থোৱা আছে।
ওজা: তেনেহলে তুমি ধনী হলা?
হাহিৰ টোপোলা- ৪৬