পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ওজা: কামাখ্যা বৰদা দেৱী নীলপৰ্বত বাশিনী
তং দেৱী জগত মাতা...
ডাইনাপালীঃ কামেশ্বৰী আবুৰ লালাক গাওবুৰা আতা
ওজা: ছি কি কথা কলা। এনে ভদ্ৰ সমাজ এখনত এনেকুৱা
কথা কবলৈ তোমাৰ বেয়া লগা নাই?
ডাইনাপালীঃ মই কি বেয়া কথা কলু হা।
ওজা: তুমি কি লালাক
ডাইনাপালীঃ লালাক মাইহনাক কি বৈয়া কথা কলু হা, আই হাতক
সুধাচোন তাহুন লালাক মাইহনাক হৈনা নহয়।
ওজা: কথাটো নহোৱা নহয়। কিন্তু আজিকালি এইবিলাক শব্দ
নকয়, ক’ব নালাগে।
ডাইনাপালী: কব নালাগে সেইকাৰণে বাচাহাত চোব ৰহৰতলে
গৈছে।
ওজা : কথাটো সচা কিন্তু তুমি কোৱাৰ দৰে লালাক নহয়, লালক
বিয়াৰ দিনৰ পৰা ছোৱালীজনীৰ লালন-পালনৰ দায়িত্ব
যিজনে লয়, তেওঁ লালক, সাধৰণতে তেওঁক স্বামী বুলি
ধৰিব পাৰা।
ডাইনাপালী :আৰু মাইহনাক
ওজা: আচলতে মহিনাক। অৰ্থাৎ যিজনী কৰ্ম আৰু ব্যৱহাৰৰ
জৰিয়তে ঘৰখন মোহিত কৰি ৰাখিব পাৰে তেওঁক
মহিনাক বুলি কোৱা হয়।
ওজা: তুমি কি কলা কামেশ্বৰী আবু তাৰমানে
ডাইনাপালী : তুমি কাক সেৱা কৈছা

হাহিৰ টোপোলা- ৬