পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হজৰত আলী যোৰহা। তেওঁৰ ফালে আহিছে। অবশেষত তেওঁ তেওঁলোকৰ প্ৰস্তাৱত হৰিৰ্ভৰ দি বিনীত ভাবে ক’লে—“যদি আপোনালোকে একান্ত অসন্তষ্ট হৈছে, নই অগত্যা আপোনালোকৰ খাটনি ৰক্ষা কৰিবলৈ বাধ্য। কিন্তু মই স্বাধীন ভাৱে কাম কৰিম।" তেতিয়া হজৰত আলীক লৈ, তেওঁলোক মছজিদলৈ গ'ল। তাত সকলোৱেই তেওঁক যথোচিত সম্মান কৰি, তেওঁৰ হাত ধৰি বধ্যতা স্বীকাৰ কৰিলে। হজৰত তালহা আৰু জোবেৰ তাত উপস্থিত নথকাত, হজৰত আলীয়ে তেওঁলোকক মতাই অনালে। তেওঁলোকে চালে যে, এতিয়া তেওঁলোকৰ কোনে| প্ৰকাৰ আসোঁৱাহ কাৰ্য্যকৰী নহব। হেনজানি বাধ্য হৈ ব্যতা স্বীকাৰ কৰিলে যেতিয়া তাহাই হজৰত আলীৰ হাত ধৰে, তেতিয়া তেওঁৰ ৰণত-কটা বিকল হাতখন দেখি, এজন মানুহে এইটো এটা কুলক্ষণ বুলি কৈছিল। এই কুলক্ষণৰ কু-ফল সঁচাকৈয়ে ফলিন। মাবিয়াৰ অনুপস্থিতিত এই খলিফা-বাছনি আৰু অভিষেক কাম নিয়াৰিকৈ হোৱা দেখি, তেওঁৰ আত্মীয় মামুহবিলাক সভালৈ ন’গল। এই মনোমালিন্সৰ ভীবণ পৰিণাম কাৰবালা মহাৰণ। তাল্হা আৰু জোবেৰৰ ষড়যন্ত্ৰ। জগতত এনে কোনো কামেই নাই, যি সকলোৱে একমত হৈ মূৰ দোৱাই তাক গ্ৰহণ কৰে। কাম যিমানেই মঙ্গলজনক হওক, এজন নহৰ এজন তাৰ বিপক্ষত থাকিবই। তাল্হা আৰু লোবেৰে মহা বেমেজালি ঘটাবলৈ উঠিপৰি লাগিল। ইচ্ছা হলেই উপায় ওলায়। অভিষেক কাম হৈ যোৱাৰ পাচত, তালহা আৰু জোৰেৰে হজৰত আলীৰ আগত হজৰত ওছমানক বধ কৰাৰ