হজৰত আলী মোৰতজা। ফাটেদি ভুমি চাই, এজনক শুই থকা দেখি ভাবিলে যে, ৰছুল কৰিয়েই (দঃ) শুই আছে। বহুত পৰ ৰৈ ৰৈ আমনি লাগিলত বলেৰে সিহঁতে ভিতৰত সোমাই, নিজ নিজ তৰোৱালৰ মুঠি টানকৈ ধৰি মুৰলৈ টোঁৱাই কোব মাৰিব থোজোতেই, হজৰত প্ৰাণী গিস্ িকৰে উঠি সিহঁতেন আগত থিয় হ'ল। সিহঁত কেইওটা জঁৱ পৰি গ'ল (১)। অঞ্চল গুৰু ভক্তি! আড়ল হৃদয়ৰ বল! এনে আত্মত্যাগৰ উদাহৰণ জগতৰ বুৰঞ্জীত পোৱা টান। হজ্বৰও ৰছুল কৰিম (দঃ) মদিনাৱা হৈ গৈ কোবাত ওলাল। ইয়াতে কেইদিন মানৰ পাচত হজৰত আলী সঞ্চাৰ পবা হেলাই হেঁপাই কথমপি শত্ৰুৰপৰা হাভসাৰি বহুল-কৰিব (দঃ) লগত লগ খালেগৈ। তাৰ পাচত তেওঁ মদিনালৈ যায়। ‘হিজবত'ৰ দ্বিতীয় বছৰৰ বাৰ মাহত মদিনাত নবী-নন্দিনী ফাতিমা জোহবাৰ লগত হজৰত আকীৰ শুভ বিবাহ হয়। বিয়াৰ সমদত হজৰত আলীৰ বয়স ২১ বছৰ ৫ নাহ আৰু ছোৱালীৰ বয়স ১৫ বছৰ ৫ মাহ ১৫ দিন আছিল। (২) সকলো 'জেহাদ'তে ( ধৰ্ম্মৰণতে) হজৰত আগীৰ অলৌকিক বীৰৰ্ষৰ প্ৰভাৱ আৰু অসাধাৰণ ৰণ-বিদ্যাৰ পৰিচয় বুৰঞ্জীৰ পাতত সোগালি আখৰেৰ লিখা আছে (৩)। তাবুক-ৰণত বাজে আন প্ৰত্যেক ৰণতে হজৰত আলী ‘আলম বদাৰ’ (নিচান ধাৰী) আছিল; কাৰণ---আবৰ নিয়ম অনুসৰি যি জন বিশ্বাসী, ৰণক্ষেত্ৰত অটল থাকে, তেনে বীৰপুহে নিচানধাৰী হব পাৰিছিল। (১) গ্ৰন্থকাৰে লিখ। “হজৰত মোহম্মদ”ব ১১০–১১১ পিঠি চাওক। (২) এই বিয়াৰ বিস্তৃত বিববী "হুজৰত মোহম্ম" ১৪৪ ১৪৫ পিঠিত শছে বুলি ইহাত জুনাই উল্লেখ কৰা নহ'ল। (৩) হজৰত আলীৰ বীৰথম বিস্তৃত বিষবী "হজৰত গোস্বY"য ঠায়ে ঠো বুলি ইয়াত দুনাই উল্লেখ কৰা নহ'ল।
পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/১১
অৱয়ব