পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭০ ]


কেৱলে কৃষ্ণৰ পাৱ কৰি আছো আশা।
আন একো মোৰ মনে নাহিক ভাৰসা॥ ৩৩৯
কৃষ্ণ পিতা মাতা বন্ধু জগত আধাৰ।
হেনয় কৃপালু কৃষ্ণ ত্ৰৈলোক্যতে সাৰ।
কৃষ্ণেসে ৰাখিয়া আছে সবাৰো জীবন।
যেন বায়ু অবিহনে সবাৰে মৰণ॥ ৩৪০
এতেকে কৃষ্ণৰ পাৱে কৰি আছো সাৰ।
সংসাৰ সাগৰে প্ৰভু কৰিবাহা পাৰ।৷
ভাৰ্য্যা পুত্ৰ পৰিকৰ নাহিকে বিস্তৰ।
দুই গুটি ভাই আছে সঙ্গত আমাৰ॥ ৩৪১
মোত পৰে দু:খি নাহি কয় পৃথিবীত।
দুঃখিত বৎসল কৃষ্ণ ৰাখিবা সতত।৷
তৰেষা ক্ষেত্ৰক মোক নিয়া শৰীৰতে।
এহি বাঞ্ছা কৰি আছো তব চৰণতে॥ ৩৪২
দ্বিজ দয়াৰামে বোলে মোৰ এহিকাম।
যমাননে সৰ্ব্বকালে হোক ৰাম ৰাম।৷

ইতি
স্বৰ্গাৰোহণ পৰ্ব্ব সমাপ্ত।