পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জাননী।
এবাৰ পৰীক্ষা কৰি চাওক।

 আমাৰ দোকানত শ্ৰীযুত লক্ষেশ্বৰ শৰ্ম্মা বি, এ প্ৰকাশিত অসমীয়া স্বৰ্গাৰোহণ পৰ্ব্ব আৰু ভীষ্মপৰ্ব্ব পোৱা যায়। ভীষ্মপৰ্ব্বৰ বেচ ৷৷৹ স্বৰ্গাৰোহণ পৰ্বৰ দাম ৷৹। ডাকমাচুল বেলেগে লোৱা না যায়। এজেন্ট সকলক এই দুই পুধিৰ ৰীতিমত কমিশ্যন দিয়া হব।

 ইহাৰ বাহিৰেও সকলো অসমীয়া স্কুল পুথি, ধৰ্ম্ম পুথি আৰু উপন্যাস, গল্পৰ পুথি; বঙ্গলা ভাষাৰ মহা- ভাৰত, ৰামায়ণ, পুৰাণ, গীতা আদি লাগতিয়াল পুথি; ইংৰাজী ফাৰ্ষ্টবুক, চেকেণ্ডবুক, থাৰ্ডবুক, কপিবুক, ফাৰ্ষ্টবুকৰ সুৱলা অসমীয়াৰে লিখা অৰ্থ পুথি ইত্যাদি পুথি পোৱা যায়। আৰু এ. এন্ কটকীৰ তৈয়াৰি সকলো ৰকমৰ মনমোহা সুগন্ধি, যুতি গন্ধৰ, গোলাপ গন্ধৰ মুকুতা তেল, মালতীকুসুম কামিনী কুসুম, গোলপী নাৰিকল, লক্ষীবিলাস তেল আৰু গোলাপী দাতোন, খৰৰ ঔষধ আদি নানা তৰহৰ বস্তু সস্তা দামত পোৱা যায়। অৰ্ডাৰ পালে ভিঃ পিঃ কৰিও পঠোৱা হয়।

যোৰহাট।
আসাম।
বিনীত
বড় কটকীএণ্ড কোং।