পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[৬৯]

বৈশস্পায়ন মুনি বলে শুনা নৰেশ্বৰ।
তোমাৰ প্ৰপিতামহ সাক্ষাত ঈশ্বৰ ॥
প্ৰপিতামহীকো দেখা আপুনি পাৰ্ব্বতি।
এহিমানে শেষ পৰ্ব্ব ভৈলা সমাপতি ॥ ৩৩৪
শুনিয়োক সভাসদ কেদিন জীবন।
সত্য সিজায়োক চিন্তি দেবৰ চৰণ ॥
ভাগবত সমে মই কৈলো সাৰোদ্ধাৰ।
ভাৰতৰ শেষে সমে ৰছিলো পয়াৰ॥ ৩৩৫
গুৰুৰ চৰণ দুই হৃদয়ে ধৰিয়া।
মূঢ়মতি শিশু হুয়া আছোহো ৰছিয়া॥
সুভাবে দায়াৰ পাত্ৰ হুয়া শিশুজন।
আকে জানি দায়া মোক কৰা বুধজন ॥ ৩৩৬
প্ৰাগজৌতি পুৰত আমি থাকি অপ্ৰমাদে।
প্ৰতাপ বল্লভ বৰ মন্ত্ৰিৰ প্ৰসাদে ॥
তান মনোৰথ সিদ্ধি হৌক সৰ্ব্বদাই।
সদ কৰ্ম্মফল হৌক ব্ৰহ্মপদে ঠাই ॥ ৩৩৭
যাবত থাকয় ভূমি তাবে যশ চয়।
মোৰ আশীৰ্ব্বাদে সদা থাকোক নিশ্চয় ॥
মধুমাসে শনিবাৰে দুই ঘটি ৰাতি।
ৰামকৰ মুণি চন্দ্ৰে সাকে সমাপতি॥ ৩৩৮
ভৰদ্বাজ কুলে জন্ম ধৰিয়া কলিত।
শাস্ত্ৰ চয় নজানিয়া নভৈলো পণ্ডিত ॥