পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৮]

পাৰ্ব্বতিৰ মনোৰথ কৰিলা পুৰণ।
সকলে সম্পূৰ্ণ কাৰ্য্য ভৈলা ত্ৰিনয়ন॥ ৩২৮
এহি বুলি অৰ্জ্জুনক হাতে দুয়ো ধৰি।
সাবটি ধৰন্তে একজন হৈল হৰি।৷
হেন দেখি হৰে পাছে চতুৰ্ভূজ হৈয়া।
চাৰি হাটে চাৰিকো যে সাবটি ধৰিয়া॥ ৩২৯
যোগেশ্বৰ ভগবন্ত দেব ত্ৰিনয়ন।
চাৰিকো সামৰি পাছে হৈল একজন।৷
দ্ৰৌপদী বোলন্ত মনে এই সে প্ৰধান।
নিজ ৰূপ ধৰো মই পূৰ্ব্বৰ সমান।৷ ৩৩০
এহি বুলি হৈলা দেবী গৌৰাঙ্গ বদনী।
সৰ্ব্ব অঙ্গ সুশোভন ত্ৰিতয় নয়নী।৷
শিবৰ অঙ্গত আছিলন্ত যিতোজন।
বৃষভৰ পৰা নামিলন্ত তেতিক্ষণ।৷ ৩৩১
দুয়ো ধৰা ধৰি কৰি আনন্দিত মনে।
একজন হুয়া নমি শিবৰ চৰণে।৷
লাফ দিয়া উঠিলন্ত বৃষভ উপৰ।
হৰক সম্বুধি হৰি দিলন্ত উত্তৰ॥ ৩৩২
পাৰ্ব্বতি সহিতে চলা কৈলাস শিখৰ।
আমিয়ো চলোহো হেৰু স্থানে আপোনাৰ।৷
এহি বুলি কৃষ্ণদেব গৈলা নিজস্থানে।
সভাৰ্য্যে চলিলা হৰ বৃষভৰ যানে।৷ ৩৩৩