পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৭]

এহিমতে কান্দি কান্দি কহন্ত কৃষ্ণত।
কৃষ্ণে জানিলন্ত শোক পায়াছে মায়াত ॥
মায়াদুৰ কৰি দিও জানোক সকল।
তেবেসে গুচই ইতো ইসব বিকল ॥ ৩২৩
এহি বুলি কৃষ্ণদেৱে বুলিলা বচন।
শুনা যুধিষ্ঠিৰ হেৰা শুনা ভীমসেন।৷
শুনা যাজ্ঞসেনী শুনা জৱঞ্জা দোভাই।
শুনা ধনঞ্জয় তুমি মোৰ নিজকাই॥ ৩২৪
গুচাইলো বৈষ্ণবী মায়া চয়ৰো এখনে।
তুমি সব কোন মনে চাহিয়ো আপোনে।৷
যেখনে গুছিল মায়া সকলে জানিলা।
শিব কৃষ্ণ গৈয়া আমি কৰিলোহো লীলা।৷ ৩২৫
যুধিষ্ঠিৰ নকুল যে ভীম সহদেৱ।
চাৰিয়ো জানিলা মনে বুলি মহাদেৱ ॥
দ্ৰোপদী জানিলা মনে মইসে পাৰ্ব্বতি।
কৃষ্ণ বুলি ধনঞ্জয়ে জানিলা সম্প্ৰতি।৷ ৩২৬
পাছে কৃষ্ণে অৰ্জ্জুনক সাবটিয়া ধৰি।
হৰক চাহিয়া হাসি বুলিলন্ত হৰি।৷
বদৰিকাশ্ৰমে মই হৈয়া দুয়োজন।
তপ কৰি মনে লৈলো নৰ নাৰায়ণ।৷ ৩২৭
সম্প্ৰতি ভূমিত আসি কৃষ্ণাৰ্জ্জুন হুয়া।
সেহি তপ ফলে ভাৰ হৰিলো ইতিয়া ।৷