সমললৈ যাওক

পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৬ ]

শ্যামবৰ্ণ কলেৱৰ সুন্দৰ শৰীৰ।
ঝিকি মিকি কৰে গাৱে নানা অলঙ্কাৰ॥ ৩১৭
বৃষভ উপৰে দেখিলন্ত মহেশ্বৰ।
ধবল ফটিক সম জলে কলেৱৰ ॥
গৌৰাঙ্গ বদনী দেবী সঙ্গত তাহান।
প্ৰত্যেকে দেখিলা গৈয়া এহি তিনিজন।৷ ৩১৮
দ্ৰৌপদী সহিতে পাছে জাই পাঞ্চভাই।
কৃষ্ণৰ পাৱত পৰি ক্ৰন্দন কৰই ॥
ধনঞ্জয়ে বোলে মোক তিৰ্থক পাঞ্চিয়া।
একেশ্বৰ কৰি কিয় আসিলা এড়িয়া ॥ ৩১৯
স্বপ্ন দেখি দ্ৰুতে খেদি গৈয়া দ্বাৰকাক।
সকলে কহিল বাৰ্ত্তা সাৰথি দাৰুক।৷
পাষ কৰি গৃহ সাজি তিৰে শ্ৰাদ্ধ কৰি।
সমন্তকে লৈয়া চলিলোহো আজ্ঞা ধৰি॥ ৩২০
ইন্দ্ৰ প্ৰস্থ নগৰৰ পাছে সমীপত।
গোপ ৰূপ ধৰি তুমি ওলাইলা তাহাত।৷
মোক চিনা নেদি তুমি পাতিলাহা ৰণ।
নাশিবাক খুজিলোহো তিনিয়ো ভুবন॥ ৩২১
ব্ৰহ্মাৰ বচনে মই তোমাক জানিয়া।
তোমাক চিন্তিলো তাত সৰ সামৰিয়া॥
ৰথে সমে দুৰ কৰি মোহোক পেলাই।
সোদশ হাজাৰ কন্যা আনিলাহা জাই ॥ ৩২২