পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৬৫ ]

অৰ্জ্জুনক এড়ি মই হৈয়া আছো ন্যুন।
দুয়ো একে হৈলে জানা তেহে হও পূৰ্ণ।৷
এহি বুলি চাৰি পাৰিসদ সঙ্গে লৈয়া।
গৰুড়ৰ কন্ধে কৃষ্ণ আৰোহণ কৈয়া।৷ ৩১২
কৈলাশ শিখৰে পাছে প্ৰবেশিলা গৈয়া।
ডাক দিয়া বোলে হৰ লৱা সঙ্গে জায়া।৷
মেৰুমুলে আসি আছে পাণ্ডৱ সকল।
তাহাঙ্ক সামৰি আনো আসিয়ো সকাল॥ ৩১৩
কৃষ্ণৰ বচন শুনি হৰে তেতিক্ষণে।
পাৰ্ব্বতি সহিতে উঠি বৃষভৰ যানে।৷
কৃষ্ণে সমে নগে পাছে কৰিলা গমন।
মুহুৰ্ত্তে পাইলন্ত গৈয়া মেৰুমূল স্থান।৷ ১১৪
ডাক দিয়া কৃষ্ণে বোলে মেৰুমূল পাই।
কৈত আছা ধনঞ্জয় প্ৰাণৰ ভৈয়াই।৷
পাৰ্ব্বতিৰ বাঞ্ছা আৰু ভাৰ হৰণৰ।
এহিহেতু হৈয়া আছো দোষো অবতাৰ।৷ ৩১৫
মায়ায়ে মোহিত কৰি আছো চয়জন।
তাতেসে মানুস বুলি মানি আছা মন।৷
কৃষ্ণৰ বচন চয় শুনিয়া অৰ্জ্জুন।
জিলো জিলো বুলি নৰিনন্ত তেতিক্ষণ॥ ৩১৬
পাছত নড়িলা চাৰি ভাই যাজ্ঞসেনী।
সবেয়ো দেখিলা গৈয়া পাছে চক্ৰপানী।৷