পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৬৪ ]

কেৱে নপাড়িব তাৰ মৎস্য ভেদিবাক।
মই গৈয়া মৎস্য ভেদি আনিবো তোমাক।৷ ৩০৬
বিবাহ কৰিবো পাঞ্চো তোমাক হৰিষে।
হৰক পাতিবো ৰাজা ভাৰত বৰিষে॥
এহি বুলি কৃষ্ণদেৱ গড়ুলত চৰি।
প্ৰবেশীলা গৈয়া পাছে গোলোক নগৰি।৷ ৩০৭
পাছে কলিযুগে আসি পাণ্ডুৰ গৃহত।
সদাশিব জানিবাহা চাৰিয়ো সাক্ষাত।৷
যুধিষ্ঠিৰ ভীম সহদেব যে নকুল।
নিজস্বামী কাৰণেসে মৎস্য নেভেদিল ॥ ৩০৮
জানিবা অৰ্জ্জুনে কৃষ্ণ মৎস্য ভেদনত।
দ্ৰৌপদী পাৰ্ব্বতি দেবী জানা স্বৰূপত ॥
যিহেতু পূৰ্ব্বতো চিত হয়াছে দেবীৰ।
সেহিহেতু অৰ্জ্জুনত স্নেহ ভৈলা বৰ।৷ ৩০৯
সংশয় নকৰা আত ই কথা থাকোক।
যেনমতে নয় ভৈল তাক সুনিয়োক।৷
অৰ্জ্জুনক এড়ি কৃষ্ণ আছে গোলোকত।
সামৰিবে কাল হৈল পড়িল মনত॥ ৩১০
ৰাধিকাক বোলে শুনা বচন যে প্ৰিয়া।
পাষাণ সদৃশ দেখা আমাসাৰ হিয়া।৷
প্ৰাণতো অধিক মোৰ সখি ধনঞ্জয়।
তাহাঙ্ক এড়িয়া মই আছো এহি ঠায়॥ ৩১১