পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬৩ ]

কিন্তু মই পৃথিবীত অবতাৰ ধৰি।
তিনি গোটা যজ্ঞ কৰি পূজিবোহো হৰি।৷
এহিমতে বোলা বুলি কৰি দুয়োজন।
পৰম আনন্দে বসি আছে সেহি স্থান ॥ ৩০১
পাৰ্ব্বতি কৃষ্ণৰ ৰূপ সুন্দৰ দেখিয়া।
মনে দেবী বৰিবাক খোজে তাঙ্ক গৈয়া।৷
বুজিলন্ত হৰে পাছে পাৰ্ব্বতিৰ মন।
দেবীক চাহিয়া হৰে বুলিলা বচন।৷ ৩০২
ত্ৰৈলোক্যৰ নাথ কৃষ্ণ সমস্তৰে পতি।
ইহাঙ্ক ভজিলে তুমি নাভাগাহা সতি ॥
স্বামীৰ বচন শুনি বৰ লজ্জা পাই।
শুনিয়োক হৰিহৰ মোৰ অভিপ্ৰাই।৷ ৩০৩
কামধেনু সাপ দিয়া আছে মোক খঙ্গে।
মই বোলো পাঞ্চ বৃষ লই ফুৰ সঙ্গে।৷
মোকো বোলে পাঞ্চ স্বামী তোৰো হৌক আই।
আকে জানি দুয়ো পাঞ্চজন হোয়া জাই॥ ৩০৪
হেন শুনি কৃষ্ণ পাছে বুলিলা বচন।
কুৰুকুলে হৰ জাই হইবে চাৰিজন।৷
একজন হৈয়া মই তাহান সঙ্গত।
ভাৰ হৰিবোহো আমি কলিৰ যুগত॥ ৩০৫
তুমিয়ে জন্মিবা গৈয়া যজ্ঞৰ বহ্নিত।
ৰাধাচক্ৰ কৰাইবাহা কৈয়া দ্ৰোপদত।৷