পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬২]

বৈশস্পায়ন বদতি শুনিয়ে নৰেশ্বৰ।
পাৰ্ব্বতি সহিতে বসি আছে মহেশ্বৰ ॥ ২৯৫
কটিত বাঘৰ চাল সৰ্প অলঙ্কাৰ।
ভস্ম বিভূষিত গায়ে মাথে জটাভাৰ ॥
নানাবিধ অলঙ্কাৰ গাৱত দেবীৰ।
গৌৰাঙ্গ বদনি দেবী ৰূপে চমৎকাৰ ॥ ২৯৬
এহিমতে দুয়োজন বসিয়া আছই।
গোলোকৰ নাথ কৃষ্ণ গৈল সেহি ঠাই ॥
বত্ৰিস যে অলঙ্কাৰে শোভে কলেৱৰ।
কোটি সূৰ্য্য সম কান্তি প্ৰকাশ প্ৰভুৰ ॥ ২৯৭
দেখি হৰে পাদ্য অৰ্ঘে পূজিল যতনে।
বৈশাইলন্ত নিয়া পাছে সুবৰ্ণ আসনে॥
কৃতাঞ্জলি কৰি আগে পুছিলন্ত হৰ।
মোৰ স্থানে কিয়া হেতু আসিলা ঈশ্বৰ ॥ ২৯৮
কৃষ্ণে বোলে শুনিয়োক দেব শূলপাণি।
আগম কৰিয়া মোক ঢ়াকিয়ো আপুনি ॥
হৰে বোলে কেনে দ্বেষ্য কৰিবো তোমাক।
অমোছন পাপে আসি গাৱে লাগিবেক ॥ ২৯৯
কৃষ্ণ বোলে পাপ তাৰ কৰিবো নিবাৰ।
সকল দেৱৰ পূজা কৰিয়ো প্ৰচাৰ ॥
হৰে বোলে তব আজ্ঞা কৰিবাক লাগে।
যেহি কি নোহোক ইতো কৰ্ম্ম মোৰ ভাগে ॥ ৩০