পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬১]

দেবতাৰ পাঞ্চো বস্ত্ৰ কৰি পৰিধান।
পৰমান্ন পঞ্চামৃত কৰিলা ভোজন ॥
ইন্দ্ৰৰ গৃহত নিয়া থৈয়া চিত্ৰসেন।
অৰ্জ্জুনক বোলে সখি শুনিয়ো বচন ॥ ২৯০
তুমি সঙ্গে ৰঙ্গে ধঙ্গে পঞ্চম বৎসৰ।
দেখিয়া আছোহো মই মুৰ্ত্তি আনন্দৰ ॥
তোমাৰ বিমন দেখি নসহয় মন।
মোহোৰ সপত সখি হুয়োক প্ৰসন ॥২৯১
ধনঞ্জয় বোলে শুনা গন্ধৰ্ব্বৰ ৰাই।
কৃষ্ণক নেদেখি মোৰ দণ্ডে যুগ জাই ॥
চিত্ৰসেনে বোলে মই কৰিলা বিদায়।
ইন্দ্ৰৰ আজ্ঞাই পুনো আসিয়ো ইঠাই ॥ ২৯২
এহি বুলি চিত্ৰসেন গৃহে চলি গৈল।
দেব যোগ্য অলঙ্কাৰ দ্ৰৌপদী পিন্ধিল ॥
দেবাঙ্গ বসন পৰিধান কৰি তান্ত।
অৰ্জ্জুনৰ সঙ্গ দেবী তিলেকো লড়ন্ত ॥ ২৯৩
পূৰ্ব্বতো কৰিয়া স্নেহ ভৈল দশগুণে।
দ্ৰৌপদীকো দায়া সদা কৰন্ত অৰ্জ্জুনে ॥
জন্মেঞ্জয় বোলে গুৰু সংশয় মনত।
চাৰিতো কৰিয়া কিয় দায়া অৰ্জ্জুনত ॥ ২৯৪
অৰ্জ্জুনৰ দায়া কিয় বাঢ়িল দেবীত।
কহিয়োক মুণি মোত শান্ত হৌক চিত ॥