পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬০]

পাণ্ডৱৰ পাঞ্চ ভাই দ্ৰৌপদী সহিতে।
অসন্তোষ মনে আসি আছয় তাহাতে ॥ ২৮৪
বসন ভুষণ আৰু নানা অলঙ্কাৰ।
পৰমান্ন পঞ্চামৃত ভোজন সম্ভাৰ ॥
কৃষ্ণ সিৱ নামে মানে থাকিব তাহাতে।
এহি সব দ্ৰব বস্তু দিবা ভাল মতে ॥ ২৮৫॥
অহা জোৱা কৰি তুমি থাকিবা সততে।
থাকিবাৰ স্থান দিয়া মোহোৰ গৃহতে ॥
চিত্ৰসেনে নমি পাছে ইন্দ্ৰৰ চৰণ।
সমস্তকে লৈয়া দ্ৰুতে কৰিলা গমন ॥ ২৮৬
কতোক্ষণে গৈয়া পাছে পাইল মেৰুমুল।
দেখিলন্ত গৈয়া পাছে পাণ্ডৱ সকল ॥
পাঞ্চো ভাইক আস্বাসীয়া পাছে ৰঙ্গমনে।
বসন ভুষণ নিয়া দিলা জনে জনে ॥ ২৮৭
যুধিষ্ঠিৰে বোলে আত নাহি প্ৰয়োজন।
কৃষ্ণক বচন মাত্ৰ মোহোৰ বাঞ্চন ॥
চিত্ৰসেনে বোলে শুনা আমাৰ বচন।
ইন্দ্ৰৰ বচন ৰাখি কৰা পৰিধান ॥ ২৮৮
এহি স্থানে ব্ৰত কৰ্ম্ম একো নাহি কয়।
বাকলি বসন আত গুচাইবে নাগয় ॥
চিত্ৰসেন গন্ধৰ্ব্বৰ শুনিয়া বচন।
সবাৰে গুচাইলা পাছে বাকলি বসন ॥ ২৮৯