পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[৫৯]

কৃষ্ণা সমে চাৰি ভাই আছে নিদ্ৰাকৰি।
মোহোৰ আদেশে নিদ্ৰাবলি তাত ধৰি ॥
পাপ পুণ্য ফল আমি গুছাইলো তোমাৰ।
জানিবাহ বাপু ইতো তযু উপকাৰ ॥ ২৭৯
নিদ্ৰাৰ মুকুত চাৰি ভাই যাজ্ঞসেনী।
এতিক্ষণে গৈয়া তুমি দেখিবা আপুনি ॥
এহি বুলি যম ৰাজা দিলন্ত পাছিয়া।
ৰথত তুলিয়া মই আসিলোহো লৈয়া ॥ ২৮০
মেৰু পথে ভাতৃ ভাৰ্য্যা পাইলন্ত আসিয়া।
নৃপতিক ধৰিলন্ত ৰথত উঠিয়া ॥
অভ্যান্তৰ কথা সব কহিল সমস্ত।
ভোজন কৰিলো সবে পৰমান্ন তাত ॥ ২৮১
পাছে বুলিলন্ত মোক যুধিষ্ঠিৰ ৰাই।
মেৰু মুলে থৈয়ো মোক ৰথে সমে যাই ॥
ৰাজাৰ বচনে মই মেৰু মুলে নিয়া।
কৃষ্ণাসমে পাঞ্চোজন আসিলোহো থৈয়া ॥
তোমাত কহিবে বুলি আছে ধনঞ্জয়।
কৃষ্ণক নাপাও মানে থাকিবোহো ভাৱে ॥
এহি বুলি মাতলিয়ে নিজ যে ৰহিল।
চিত্ৰসেন গন্ধৰ্ব্বক ইন্দ্ৰে মাতি নিল ॥ ২৮৩
শুন চিত্ৰসেন তই বচন আমাৰ।
মেৰুৰ মুলক শীঘ্ৰে চলিয়ো সত্বৰ ॥