সমললৈ যাওক

পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫৮]

কৃষ্ণদেব লাগ আত নও পাও জেৱে।
কহিবা ইন্দ্ৰত আমি থাকিবোহো তাৱে ॥ ২৭৩
এহি বুলি মাতলিক বিদায় দিলেক।
মাতলিয়ো আশ্বাসিয়া পাছে পাণ্ডৱক ॥
ৰথ ডাকিলন্ত দ্ৰুতে অম্ৰাবতি পুৰ।
কতো বেলি মানে গৈয়া প্ৰবেশিলা পুৰ ॥ ২৭৫
নমিনন্ত গৈয়া পাছে ইন্দ্ৰৰ চৰণ।
কৃতাঞ্জলি কৰিচাই বুলিলা বচন ॥
তোমাৰ বচনে আমি নৃপতিক লই।
যমৰ নগৰে পাছে প্ৰবেশীলো গই ॥ ২৭৫
তাহাত দেখিয়া ৰাজা পাপ কাৰিগণ।
নৰকৰ পাৰে নামি বসিলা তেখন ॥
দেখিলোহো নৃপতিৰ মহিমা ডাঙ্গৰ।
নৰক গুছিয়া তাত ভৈল সৰোবৰ ॥ ২৭৬
ৰাজ হংস হৈয়া পাপী স্বৰ্গক আসিল।
আথে বেথে গৃহে আসি যমৰাজা নিল ॥
পৰমান্ন আনি দিলা ভুঞ্জিবে ৰাজাক।
ৰাজা বোলে পিতৃ মই নুভুঞ্জিবো আক ॥ ২৭৭
কৈত আছে ভাই ভাৰ্য্যা কৈয়ো শীঘ্ৰ কৰি।
তাহাক এড়িয়া আমি নাজাবোহো ফিৰি ॥
হেন শুনি যম ৰাজা কহিলা সকল।
তাক লাগি বাপু তুমি নকৰা বিকল ॥ ২৭৮