পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৭ ]


দেখিলন্ত গৃহ তাত আছে অসংখ্যাত।
বত্ৰিস হাজাৰ পৰ হৱে বহুনত।৷
ভাগে ভাগে আছে গৃহ সৱে দেৱতাৰ।
মধ্যত আছয় গৃহ ডাঙ্গৰ ব্ৰহ্মাৰ॥ ২৬৮
বিজন্দৃব নামে ৰণ পাতিয়া তাহাত।
বৈদুৰ্য্যে খছিত সুবৰ্ণৰ মৃগ শত॥
জ্যোতিৰ্ম্ময় কৰে ব্ৰহ্মা সাজি দিবে তাত।
তাহাৰ প্ৰকাশে তম গুচয় সতত॥ ২৬৯
যেহি বেলা দেবে সমে ব্ৰহ্মা মেল কৰে।
নৰলোকে মগুলক দেখে নিৰন্তৰে॥
আলছ কৰিয়া সবে চলে নিজ ঘৰে।
ভাগে ভাগে থৈয়া যাই ৰখিয়া সবাৰে৷। ২৭০
ৰখিয়া সকলে দেখি অৰ্জ্জুনক বোলে।
ত্ৰিংশ কোটি দেৱতাক জিনিলা একলে।৷
ইবাৰ আসিছা দেখো নও পাও আশ।
কিবা শুভ কাৰ্য্য কৰা কিবা সব্বনাশ৷। ২৭১
ধনঞ্জয় বোলে ভয় নকৰিবা কেৱ।
ইহাত থাকিবো আমি নাহি অপদ্ৰব।৷
এহি বুলি নামিলন্ত পাণ্ডব সকল।
মাতলিক বোলে ওই অম্ৰাবতি চল॥ ২৭২
কহিবা যে গৈয়া তুমি বাৰ্ত্তাক ইন্দ্ৰত।
মেৰু মুল পাইলা আসি তাহান কৃপাত।৷