পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৫৬ ]


মেৰুৰ মুলত,  থৈয়া যে আমাক,
 ৰথ নিব অম্ৰাবতি।
থাকিবো তাহাত,  চিন্তিয়া কৃষ্ণক,
 মোৰ লৱে এহি মতি।৷
অৰ্জ্জুনৰ বাণি,  শুনি নৰৰাই,
 মাতলিক বুলিলাহা।
মেৰু মুলে নিয়া,  নমায়া যে থৈয়া,
 নিজ স্থানে চলি যাহা॥ ২৬৫
শুনা নৰলোক,  মুকুতি মিলোক,
 শেষ কথা পাণ্ডবৰ।
কহে পৃথুৰাম,  বোলা ৰাম ৰাম,
 তৰিয়ো সবে সংসাৰ।৷

⸻⸻

পদ।

বৈশম্পায়ন বদতি শুনিয়ে নৰেশ্বৰ।
মাতলি শুনিয়া বাণী পাছে নৃপতিৰ।৷ ২৬৬
চাবুকৰ বাৱ মাৰি ডাকিলন্ত ৰথ।
মন পবনৰ বেগে ধৰিলন্ত পথ।৷
এহিমতে চলি যাই পাণ্ডব সকল।
কতোবেলি পাইলা গৈয়া পাছে মেৰু মুল॥ ২৬৭